ETV Bharat / state

পুষ্কৰ সিং ধামীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ৰাওনা হিমন্ত বিশ্ব শৰ্মা - oath ceremony of Puskar Singh Dhami

দ্বিতীয়বাৰৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব পুষ্কৰ সিং ধামীয়ে (Swearing ceremony-in of Uttarakhand CM)। এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ইতিমধ্যে চাৰ্টাৰ্ড বিমানেৰে উত্তৰাখণ্ডলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী ।

CM
শৰ্মা ৰাওনা উত্তৰাখণ্ডলৈ
author img

By

Published : Mar 23, 2022, 11:19 AM IST

গুৱাহাটী, ২৩ মাৰ্চ : দ্বিতীয়টো কাৰ্যকালৰ বাবে বুধবাৰে পুনৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব পুষ্কৰ সিং ধামীয়ে (Swearing in ceremony of Uttarakhand CM)। ধামীৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল'বলৈ বুলি পুৱাই গুৱাহাটীৰ পৰা উত্তৰাখণ্ডলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ‌ড৹ হিমন্তবিশ্ব শৰ্মাই (Himanta Biswa Sharma visits Uttarakhand)। মনকৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ উত্তৰাখণ্ড যাত্ৰাৰ বাবেই বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেট বৈঠকৰ সময়সূচীও আগুৱাই দিয়া হয় ।

যাৰ বাবে পুৱা ৯ বজাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠকৰ (Assam govt cabinet meeting at Janata Bhawan)। সেই বৈঠক শেষ কৰিয়েই চাৰ্টাৰ্ড বিমানযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মা উৰা মাৰে উত্তৰাখণ্ডলৈ । ধামীৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী পুনৰ নিশাৰ ভাগলৈ গুৱাহাটীলৈ উভতি অহাৰ কথা আছে ।

আনহাতে, বৃহস্পতিবাৰৰ দিনটো অসমত কটাই ২৫ মাৰ্চৰ পুৱা মুখ্যমন্ত্ৰী পুনৰ উৰা মাৰিব উত্তৰ প্ৰদেশ অভিমুখে । ২৫ মাৰ্চত যোগী আদিত্যনাথৰ দ্বিতীয়টো ৰাজ অভিষেক । সেইদিনা তেওঁ পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব (Oath ceremony of Yogi Adityanath)। যোগীৰ সেই দ্বিতীয় ৰাজ অভিষেকতো অতিথিৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা ।

লগতে পঢ়ক :জৰ্জিয়াৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.