ETV Bharat / state

কেইবাটাও গুৰুত্ব পূৰ্ণ বিষয় লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল - পাল্চ অক্সিমিটাৰ

কৰ’না ভাইৰাছৰ এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে কেতবোৰ নতুন পদক্ষেপ ৷ বিশেষকৈ হোম কোৱাৰেন্টাইনত থাকিব খোজা ক’ভিড আক্ৰান্ত লোক সকলৰ ক্ষেত্ৰত লৈছে কেইবাটাও গুৰুত্ব পূৰ্ণ সিদ্ধান্ত ৷ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে এতিয়াৰে পৰা কোনো লোক হোম কোৱাৰেন্টাইন হৈ থাকিব খুজিলে ল’ব লাগিব ওচৰচুবুৰীয়াৰ পৰামৰ্শ ৷ চুবুৰীয়াৰ কোনো আপত্তি নাথাকিলে কৰ’নাত আক্ৰান্ত লোকজন থাকিব পাৰিব হোম কোৱাৰেন্টাইনত ৷ কিন্তু তাৰ বাবে লোকজনৰ থাকিব লাগিব পাল্চ অক্সিমিটাৰ ক্ৰয় কৰাৰ সামৰ্থ ৷ লগতে থাকিব লাগিব এজন ব্যক্তিগত চিকিৎসক ৷ যিয়ে কৰ’না আক্ৰান্ত লোকজনৰ পাল্চ অক্সিমিটাৰ প্ৰতিমুহূৰ্ততে পৰীক্ষা কৰি থাকিব ৷

Himanta biswa sharma press meet
Himanta biswa sharma press meet
author img

By

Published : Aug 30, 2020, 2:02 AM IST

গুৱাহাটী, ২৯ আগষ্ট : শেহতীয়াকৈ ৰাজ্যত পুনৰ ভয়াবহ হৈ উঠিছে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত আকৌ দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে কৰ’না সংক্ৰমিত লোকৰ সংখ্যা ৷ শুকুৰবাৰে মহানগৰীত প্ৰায় ১০০০ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ যাক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ সমগ্ৰ ৰাজ্যত ৯৮৪৮ জন ক’ভিড আক্ৰান্ত লোক সুস্থ হোৱাৰ বিপৰীতে ১৫,৫৩৬ জন লোক কৰ’নাত আক্ৰান্ত হৈ আছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা ক’ভিড হাস্পতালত এতিয়াও ৫৬৫০ জন কৰ’না আক্ৰান্ত লোকৰ চিকিৎসা চলি আছে ৷

কৰ’না ভাইৰাছৰ এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে কেতবোৰ নতুন পদক্ষেপ ৷ বিশেষকৈ হোম কোৱাৰেন্টাইনত থাকিব খোজা ক’ভিড আক্ৰান্ত লোক সকলৰ ক্ষেত্ৰত লৈছে কেইবাটাও গুৰুত্ব পূৰ্ণ সিদ্ধান্ত ৷

সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে এতিয়াৰে পৰা কোনো লোক হোম কোৱাৰেন্টাইন হৈ থাকিব খুজিলে ল’ব লাগিব ওচৰচুবুৰীয়াৰ পৰামৰ্শ ৷ চুবুৰীয়াৰ কোনো আপত্তি নাথাকিলে কৰ’নাত আক্ৰান্ত লোকজন থাকিব পাৰিব হোম কোৱাৰেন্টাইনত ৷ কিন্তু তাৰ বাবে লোকজনৰ থাকিব লাগিব পাল্চ অক্সিমিটাৰ ক্ৰয় কৰাৰ সামৰ্থ ৷ লগতে থাকিব লাগিব এজন ব্যক্তিগত চিকিৎসক ৷ যিয়ে কৰ’না আক্ৰান্ত লোকজনৰ পাল্চ অক্সিমিটাৰ প্ৰতিমুহূৰ্ততে পৰীক্ষা কৰি থাকিব ৷

ইয়াৰোপৰি কৰ’নাত আক্ৰান্ত লোকজনৰ যদি হঠাৎ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে তেতিয়া ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আনিবলৈ থাকিব লাগিব চালকৰে সৈতে এখন ব্যক্তিগত বাহন ৷ এই সকলোবিলাক কথা হোম কোৱাৰেন্টাইনত থাকিব খোজা লোকজনে এগ্ৰিমেণ্ট যোগে জনাব লাগিব স্বাস্থ্য বিভাগক ৷ কিন্তু ঘৰত বৃদ্ধ মাক দেউতাক থাকিলে লোকজনৰ এই সকলোবোৰ সুবিধা থাকিলেও হ’ব নোৱাৰিব হ’ম কোৱাৰেন্টাইন ৷

সমান্তৰালভাৱে বিমান যোগে অহা যাত্ৰী সকলৰ ক্ষেত্ৰতো স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ এতিয়াৰে পৰা বিমান যোগে অসমলৈ অহা লোকসকলে থাকিব নালাগে হোটেলত ৷ বিমান যোগে অহা যাত্ৰীসকলৰ ৰেপিড টেষ্টৰ ফলাফলত কৰ’না নিগেটিভ ওলালে পোনে পোনে ঘৰলৈ যাব পাৰিব ৷ কিন্তু ঘৰত ১৪ দিনৰ বাবে হ’ব লাগিব হোম কোৱাৰেন্টাইন ৷ এই সময়ছোৱাৰ ভিতৰত লোকজনৰ ক’ভিড ধৰা পৰিলে স্বাস্থ্য বিভাগৰ লোকে লোকজনক লৈ আনিব ক’ভিড কেয়াৰ চেন্টাৰলৈ ৷

গৰ্ভৱতী মহিলা আৰু ১২ বছৰৰ তলৰ শিশুসকলক লৈও ৰাজ্যৰ স্বাস্থ্য বিভাগৰ গুৰুত্ব পূৰ্ণ সিদ্ধান্ত ৷ গৰ্ভৱতী মহিলা আৰু ১২ বছৰৰ তলৰ শিশু কৰ’নাত আক্ৰান্ত হ’লে তেওঁলোকক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ অধীনত থকা বাগ্ৰী শিশু হাস্পতাললৈ প্ৰেৰণ কৰা হ’ব ৷ য’ত শিশুসকলৰ খেলাৰ সুবিধা থকাৰ লগতে গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যৰ সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

শনিবাৰে জনতা ভৱনত আয়োজন কৰা সংবাদমেলত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে কৰ’নাত আক্ৰান্ত বৃদ্ধ লোকসকলৰ স্বাস্থ্যৰ যতনৰ বাবে এতিয়াৰে পৰা কৰ’নাত আক্ৰান্ত বৃদ্ধ লোকসকলক খানাপাৰাৰ সুকীয়া ক’ভিড চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ উপৰিও যি কোনো কঠিন ৰোগত আক্ৰান্ত লোকৰ চিকিৎসাৰ প্ৰদানৰ আগমুহূৰ্তত হাস্পতাল কৰ্তৃপক্ষই কৰ’না টেষ্টৰ ফলাফল বিচাৰিলে আক্ৰান্ত লোকজনক দিনৰ ১২ বজাৰ আগতে জি এম চি এইছলৈ আনিলে ২৪ ঘন্টাৰ ভিতৰত লোকজনৰ কৰ’না পৰীক্ষা কৰোৱাৰ ওপৰিও উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰা হ’ব ৷

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ শেহতীয়া কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ নাগৰিক সমিতি সমূহে ৰাজ্য চৰকাৰৰ লগত আলোচনাত মিলিত হৈ গুৱাহাটী মহানগৰক দুই সপ্তাহৰ লক ডাউন ঘোষণা কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু লকডাউনৰ ফলত হ’ব লগা ক্ষতি আৰু মহানগৰৰ কোৰোনা কেন্দ্ৰীক শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাকে এসপ্তাহৰ লক ডাউনৰ পোষকতা কৰিছে ৷

লগতে পঢ়ক : কৰ'ণা নিৰ্মূলৰ ক্ষেত্ৰত আদৰ্শ দেখুৱাইছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.