ETV Bharat / state

শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱাক মুকলি আহ্বান হিমন্ত বিশ্বৰ - বড়ো শান্তি চুক্তি

দিছপুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ শান্তি আলোচনাৰ বাবে মুকলি আহ্বান পৰেশ বৰুৱাক ৷ ইপিনে ‘কা’ জাতিধ্বংসী নহয় হীৰেণ গোহাঁই জাতিধ্বংসী বুলি কয় হিমন্ত বিশ্ব শৰ্মাই ৷

পৰেশ বৰুৱাক শান্তি আলোচনাৰ মুকলি আহ্বানঃ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jan 28, 2020, 3:01 PM IST

গুৱাহাটী, 28 জানুৱাৰীঃ দিছপুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন । সোমবাৰে স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তিক বহল আৰু চূড়ান্ত সমাধান বুলি কয় মন্ত্ৰগৰাকীয়ে ৷ লগতে কয়,বড়োলেণ্ডৰ আন্দোলনত মুঠ 4 হাজাৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। পূৰ্বৰ বড়ো শান্তি চুক্তিৰ পিছতো সম্পূৰ্ণ ৰূপে শান্তি অহা বুলি আমি ক’ব পৰা নাছিলো।

বড়ো শান্তি চুক্তিক লৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

এনডিএফবিৰ চাৰিটা সংগঠনে সহযোগ কৰে এই তৃতীয় শান্তি চুক্তিখনত। এয়া এক বহল আৰু চূড়ান্ত সমাধান বুলি মন্তব্য কৰে শৰ্মাই । লগতে সংবাদমেলতে ব’হাগ মাহৰ ভিতৰত অসমৰ ভাষা সংস্কৃতি তথা 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

ইপিনে পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহিবলৈ মুকলি আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই ৷ শ্বাৰ্জিল ইমামৰ মন্তব্যক সমৰ্থন কৰা হীৰেণ গোহাঁইক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়,‘‘হীৰেণ গোহাঁই ডাঙৰীয়াই সদায় মৌলবাদী মুছলিম পন্থাক সমৰ্থন কৰি আহিছে । মৌলবাদী নেতা মাদানীক সমৰ্থন কৰিছিল হীৰেণ গোহাঁইয়ে। ‘কা’ জাতিধ্বংসী নহয় হীৰেণ গোহাঁই জাতিধ্বংসী ।’’ ইপিনে NRLৰ সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাই কয়, ৰাজহুৱা খণ্ডতেই থাকিব নুমলীগড় শোধনাগাৰ ৷

নুমলীগড় শোধনাগাৰকলৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

লগতে চাওক- পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মাৰ বহু নজনা কথাৰে...

Intro:বড়ো শান্তি চুক্তি বহল আৰু চূড়ান্ত সমাধান - হিমন্ত

দিছ্পুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সন্মোধন। বড়ো শান্তি চুক্তিক লৈ এই সংবাদমেলৰ আয়োজন। বড়ো লেণ্ডৰ আন্দোলনত মুঠ ৪ হেজাৰ লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল । বড়ো শান্তি চুক্তিৰ পিছতো সম্পূৰ্ণ ৰূপে শান্তি অহা বুলি আমি কব পৰা নাছিলোঁ । NDFB ৰ চাৰিটা সংগঠনে সহযোগ কৰে এই শান্তি চুক্তিত । এয়া বহল আৰু চূড়ান্ত সমাধান বুলি শৰ্মাই মন্তব্য কৰে।

Body:আনহাতে আজিৰ সংবাদমেলতে শৰ্মাই বহাগ মাহৰ ভিতৰত অসমৰ ভাষা সংগস্কৃতি তথা ৬ নং দফা কাৰ্য্যকৰী কৰাৰ ব্যৱস্থা কৰা হব বুলি জানিব দিয়ে। লগতে পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহিবলৈ মুকলি আহ্বান শৰ্মাৰ।

Conclusion:শ্বাৰ্জীল ইমামৰ মন্তব্যক সমৰ্থন কৰা হীৰেণ গোহাঞিক লৈ মন্তব্য মন্ত্ৰী হিমন্তৰ । তেওঁ কয়,'হীৰেন গোহাঁই ডাঙৰীয়াই সদায় মৌলবাদী মুছলিম পন্থাক সমৰ্থন কৰি আহিছে । মৌলবাদী নেতা মাদানীক সমৰ্থন কৰিছিল হীৰেন গোহাঁইয়ে। কা জাতি ধ্বংসী নহয় হীৰেন গোহাঁই জাতি ধ্বংসী ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.