ETV Bharat / state

বৰদোৱাৰ পিচত সংখ্যালঘুৰ টাৰ্গেট শংকৰদেৱ কলাক্ষেত্ৰ : হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Nov 11, 2020, 8:25 AM IST

‘‘পূৰ্বে বৰদোৱা আছিল যদিও এই কলাক্ষেত্ৰক টাৰ্গেট কৰিছে আজমলৰ দৰে নেতাই । সংখ্যালঘু নেতাসকলক ৰুধিব নোৱাৰিলে বৰদোৱা, কামাখ্যা দেৱালয়, কলাক্ষেত্ৰ আদি একো ৰক্ষা নপৰিব ’’ ৷ বদৰুদ্দিন আজমলক কটাক্ষ কৰি এই মন্তব্য আগবঢ়ালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Himanta bishwa on ajmal
Himanta bishwa on ajmal

গুৱাহাটী, 11 নবেম্বৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া তীব্ৰতৰ হৈছে শাসকীয় আৰু বিৰোধী পক্ষৰ নেতা-মন্ত্ৰীৰ বাকযুদ্ধ । সাংসদ মৌলানা বদৰুদ্দিন আজমলক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী হিমন্তৰ মতে আজমল আৰু শ্বেৰমানৰ দৰে সংখ্যালঘু নেতাই ‘কা’ বিৰোধী আন্দোলনৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক লক্ষ্য কৰি লৈছে ।

পূৰ্বে বৰদোৱা আছিল যদিও এই কলাক্ষেত্ৰক টাৰ্গেট কৰিছে আজমলৰ দৰে নেতাই । সংখ্যালঘু নেতাসকলক ৰুধিব নোৱাৰিলে বৰদোৱা, কামাখ্যা দেৱালয়, কলাক্ষেত্ৰ আদি একো ৰক্ষা নপৰিব । এনেদৰেই সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইফালে বদৰুদ্দিন আজমলক কটাক্ষ কৰি মন্ত্ৰী হিমন্তই পুনৰ কয় যে, আজমল কথা মতে মই কাম নকৰোঁ । এইখন আমাৰ অসম, মোৰ জন্মভূমি । আজমলে নিজৰ ঠাইত যি কৰে কৰক ।

বৰদোৱাৰ পিচত সংখ্যালঘুৰ টাৰ্গেট শংকৰদেৱ কলাক্ষেত্ৰ

উল্লেখ্য যে, কিছুদিন পূৰ্বে কাছাৰত আজমলৰ নেতাই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি এক ভিডিঅ’ ভাইৰেল হৈছিল চ’ছিয়েল মিডিয়াত ৷ যাৰ পৰিপ্ৰেক্ষিতত আজমলৰ প্ৰতি পূৰ্বতকৈ অধিক সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ আনহাতে বদৰুদ্দিন আজমলেও হিমন্তক উভতি ধৰি ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে হিমন্ত আৰু পৰিয়ালৰ নামত চিকিৎসালয় খুলিম বুলি এক প্ৰকাৰ তাচ্ছিল্য় কৰে ৷

লগতে পঢ়ক : বুধবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব অৰ্ণৱ গোস্বামীৰ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.