ETV Bharat / state

বাধ্যবাধকতা আৰু নীতি-নিৰ্দেশনাৰ মাজেৰে অনুষ্ঠিত হ’ব এইবাৰৰ দুৰ্গা পূজা

author img

By

Published : Oct 13, 2020, 8:08 PM IST

এইবাৰ দুৰ্গোৎসৱত পূজা মণ্ডপসমূহত প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ হ'ব লাগিব পৃথক । পূজাৰ পেণ্ডেলসমূহ খোলা অৰ্থাৎ মুকলি হ'ব লাগিব । পেণ্ডেলত একেসময়ত মাত্ৰ ৫০ জন ব্যক্তিহে প্ৰৱেশ কৰিব পাৰিব । সকলোৱে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব । সংবাদমেলযোগে এই ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

guidelines for durga pooja
guidelines for durga pooja

গুৱাহাটী, ১৩ অক্টোবৰ : দুৰ্গা পূজালৈ কেইটামানদিন বাকী থকাৰ সময়তে মঙলবাৰে এক সংবাদ মেল যোগে কেতবোৰ নীতি-নিৰ্দেশনাৰ কথা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিশ্বব্যাপী মহামাৰী ৰূপ ধাৰণ কৰা ক’ভিড-১৯ ক প্ৰতিহত কৰাৰ বাবে মানিব লাগিব এইসমূহ নিয়ম ।

মন্ত্ৰী গৰাকীয়ে জনোৱা মতে এইবাৰ দুৰ্গোৎসৱত পূজা মণ্ডপসমূহত প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ হ'ব লাগিব পৃথক । পূজাৰ পেণ্ডেলসমূহ খোলা অৰ্থাৎ মুকলি হ'ব লাগিব । পেণ্ডেলত একেসময়ত মাত্ৰ ৫০ জন ব্যক্তিহে প্ৰৱেশ কৰিব পাৰিব । সকলোৱে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব । সংবাদমেলযোগে এই ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

পঞ্চমী পূজাৰ দিনা আৰু দশমীত দেৱী বিসৰ্জনৰ দিনা পূজাৰী আৰু পূজা কমিটিয়ে ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক । প্ৰশাসনে দেৱী বিসৰ্জনৰ ব্যৱস্থা দুই-তিনি দিনলৈ কৰিব। বিসৰ্জনৰ সময়ত জন সমাগম হ'ব নোৱাৰিব । সাংস্কৃতিক অনুষ্ঠান আৰু কোনোধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰিব ৷ অৱশ্যে আৰতি কৰাত কোনো বাধা আৰোপ নাই ।

পূজাৰ দিনকেইটাত মটৰচাইকেলত দুজন পুৰুষ আৰোহী উঠাত বাধা থাকিব । অৱশ্যে মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই বাধা নাই । নিশা ১০ বজাত বন্ধ হ'ব লাগিব পূজা মণ্ডপ । তাৰ সমান্তৰালকৈ নিশা ৯ বজাত ৰেষ্টুৰেণ্টসমূহো বন্ধ হ'ব লাগিব । দুৰ্গাপূজাৰ সময়ত যদি সকলোৱে সাৱধানতা অৱলম্বৱন কৰে, তেন্তে ক’ভিডক জয় কৰাটো সম্ভৱ হ’ব বুলি সংবাদমেলত মন্ত্ৰী শৰ্মাই মত প্ৰকাশ কৰে ।

তদুপৰি, ৰাজ্যৰ মুঠ ১,১৮,৯৯৮ গৰাকী মধ্যাহ্ন ভোজনৰ কৰ্মীসকললৈও সুখবৰ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁলোকৰ মাহিলী পাৰিশ্ৰমিক এক হেজাৰৰ পৰিৱৰ্তে অতিৰিক্ত ৫০০ টকা বৃদ্ধি কৰি ১৫০০ টকালৈ বৃদ্ধি কৰে । এপ্ৰিল মাহৰ পৰা লাভ কৰিব এই ধন । পূজাৰ আগতে এপ্ৰিলৰ পৰা অক্টোবৰৰ ধন খিনি একাউন্ট যোগে দিয়া হ’ব । ইফালে ১৫৭৬ জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত আদালতত চলি থকা গোচৰৰ অন্ত পেলাই এইসকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব । তেওঁলোকে ১ নৱেম্বৰৰ পৰা লাভ কৰিব দৰমহা ।

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই সংবাদ মেলৰ পিচতে শক্তি ৰূপিনীৰ পূজা-অৰ্চনাক লৈ থকা ধূসৰতা কিছু পৰিমানে হলেও আঁতৰ হৈছে । এই সন্দৰ্ভত অতি শীঘ্ৰেই প্ৰশাসনৰ দ্বাৰা দুৰ্গা পূজা সমিতি সমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হ’ব ।

লগতে পঢ়ক : পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.