গুৱাহাটী, ২৬ এপ্ৰিলঃ বৰ্তমান অসমত COVID-১৯ আক্ৰান্ত ৰোগীৰ 35 গৰাকীৰ ভিতৰত চিকিৎসাধীন অৱস্থাত আছে 7 গৰাকী ৰোগী আৰু আজি 8 গৰাকীকৈ ৰোগীক মুকলি কৰি দিয়া হ'ব ৷ NHMৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আজি এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ইপিনে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অসমৰ প্ৰথম গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীয়ে বৰ্তমানেও আৰোগ্য লাভ কৰা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে অসমত 7616 গৰাকী লোকক বৰ্তমানলৈকে টেষ্ট কৰা হৈছে । ইয়াৰে 209 টা টেষ্টৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে ।বৰ্তমানে ৰাজ্যত 2 লাখ 70 হাজাৰ PPE কিট মজুত আছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷
সংবাদমেলত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে,বিদেশত থকা 49 জন ব্যক্তিক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে ৰাজ্যৰ বাহিৰত বিভিন্ন প্ৰান্তত থকা 2 লাখ লোকক 2 হাজাৰ টকাকৈ দিয়া হৈছে। অহা মাহত আৰু 1 হাজাৰ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে ৷
আনহাতে,ব্যক্তিগত বাহন লৈ ঘৰলৈ যাবৰ বাবে আবেদন কৰা লোকৰ সংখ্যা প্ৰায় 73 হাজাৰ ৷ ইয়াৰে ইতিমধ্যে 25 এপ্ৰিলত 26,950 গৰাকীয়ে ব্যক্তিগত বাহন লৈ ঘৰলৈ গৈছে ৷ ইয়াৰ বিপৰীতে বৰ্তমানেও 11,500 গৰাকী লোকে লাভ কৰা নাই অনুজ্ঞাপত্ৰ ৷ 28, 29 আৰু 30 এপ্ৰিলত ব্যক্তিগত বাহনৰ ৰাউণ্ড ট্ৰিপৰ অনুমতি প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৷ যাৰ ফলত ৰাজ্যৰ প্ৰায় 34 হাজাৰ লোক উপকৃত হ'ব ৷ এই ঘোষণা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে,ৰাজ্যৰ ৰেড জ'ন হিচাপে ঘোষিত জিলাসমূহলৈ বাহিৰত আবদ্ধ হৈ থকা লোকসকল যাব পাৰিব ৷ কিন্তু তাৰ পৰা কোনো লোকক লৈ অনা নহয় বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ ইপিনে এই সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে এপ্ৰিল মাহৰ ঘৰ ভাড়া আৰু হোষ্টেল ৰ মাচুল ৫০% ৰেহাই দিবৰ বাবে ঘৰৰ মালিকসকলক অনুৰোধ জনায় ।