গুৱাহাটী, ১৫ আগষ্ট : আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক (Paresh Baruah) মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে পুনৰ আহ্বান জনালে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) । খানাপাৰাত স্বাধীনতা দিৱসৰ (Independence Day) পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ স্বাধীনতা দিৱস এটা বিশেষ কাৰণত অতিকৈ তাৎপৰ্যপূৰ্ণ । কিয়নো সুদীৰ্ঘ সময়জুৰি বিভিন্ন সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাই আহিছিল যদিও এইবাৰেই প্ৰথম য'ত স্বাধীনতা দিৱস বৰ্জনৰ বাবে কোনো সংগঠনে আহ্বান জনোৱা নাই ।
মুখ্যমন্ত্রী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত ত্ৰিৰংগাৰ তলৰ পৰাই পৰেশ বৰুৱাক শান্তি আলোচনাৰ (Peace talks) বাবে আহ্বান জনালে । নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে এই বুলিও দোহাৰে যে প্ৰাক ঐতিহাসিক কালৰে পৰাই অসম ভাৰতীয় চেতনাৰ অংগস্বৰূপ হৈ আহিছে ।
![Paresh Baruah](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-cm-appeal-to-paresh-baruah-7209925_15082021115709_1508f_1629008829_452.jpg)
গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈৰ লগতে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী মুক্তিযোদ্ধাক শ্ৰদ্ধাৰে স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে ভাৰত আৰু অসম কেতিয়াও পৃথক সত্ত্বা নাছিল । একাংশ নৈৰাজ্যবাদীৰ বাবে আজি উন্নয়ন স্থবিৰ হৈ পৰিছে । এই স্বাধীনতা কেৱল ভাৰতবৰ্ষৰ স্বাধীনতা নহয়, অসমৰ মানুহৰো স্বাধীনতা ।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে ভাৰতৰ উন্নয়নতে অসমৰ উন্নয়ন । অসমক ভাৰতৰ প্ৰয়োজন আছে, ভাৰতৰো অসমক প্ৰয়োজন আছে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে তেওঁৰ চৰকাৰখনে শাসনলৈ অহাৰ পূৰ্বে যিসমূহ প্ৰতিশ্ৰুতি ৰাইজক দিছিল এতিয়া সেই প্ৰতিশ্ৰুতিসমূহ এটা এটাকৈ পালন কৰিবলৈ আৰম্ভ কৰিছে ।
নাৰী আৰু শিশুক সৰ্বতো প্ৰকাৰে নিৰাপত্তা দিয়াটো তেওঁৰ চৰকাৰখনৰ প্ৰধান কৰ্তব্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈকে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ডেৰ শতাধিক শিশু আৰু মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । গোপীনাথ বৰদলৈয়ে প্ৰণয়ন কৰি থৈ যোৱা গো সুৰক্ষা আইনখন (Cow Protection act) তেওঁৰ চৰকাৰৰ দিনতে কিছু সংশোধন কৰা হৈছে ।
![Himanta Biswa Sarma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-cm-appeal-to-paresh-baruah-7209925_15082021115709_1508f_1629008829_747.jpg)
মানুহৰ মনত সৃষ্টি হোৱা গণতন্ত্ৰৰ প্ৰতি হতাশা দূৰ কৰাটোৱেই তেওঁৰ লক্ষ্য বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে প্ৰশাসন ব্যৱস্থাটোক ৰঙাফিটাৰ মেৰপাকৰ পৰা উদ্ধাৰ কৰাৰ বাবে যত্ন কৰি থকা হৈছে । স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে অসম মিজোৰাম সীমান্তত (Assam Mizoram Border) প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ছয় গৰাকীকৈ বীৰ জোৱানক শ্ৰদ্ধাৰে স্মৰণ কৰে ।
লগতে পঢ়ক: পুস্পসজ্জিত বাহনত নহয়, খোজকাঢ়ি অভিবাদন গ্ৰহণ পৰিমল শুক্লবৈদ্য়ৰ