ETV Bharat / state

World record set by Assam: অসমে গঢ়া দুটাকৈ গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণ পত্ৰ লাভ কৰিলে মুখ্যন্ত্ৰীয়ে

author img

By

Published : Apr 14, 2023, 9:53 PM IST

বিহুৰ বতৰতে দুটাকৈ বিশ্ব অভিলেখেৰে বিশ্ব মানচিত্ৰত নাম উজলোৱা অসমৰ পৰিৱেশ আজি বৰ্ণনাতীত ৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই দুটা অভিলেখৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ অথৰিটিৰ পৰা (Assam CM received the certificates of two records) ৷

World record set by Assam
ৰেকৰ্ডছৰ প্ৰমাণ পত্ৰ লাভ কৰিলে মুখ্যন্ত্ৰীয়ে

গুৱাহাটী, 14 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এঘাৰ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে একেলগে বিহুনাচ পৰিৱেশন কৰি গঢ়া অভিলেখ আৰু ঢুলীয়া সকলে থলুৱা বাদ্যযন্ত্ৰ বজাই গঢ়ি তোলা অভিলেখৰ প্ৰমাণ পত্ৰ লাভ কৰে ৷ অসমৰ অভিলেখ নিৰ্মাণৰ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ অথৰিটিৰ পৰা এই প্ৰমাণ পত্ৰ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM received the certificates of two records) ।

১৪ এপ্ৰিলৰ দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ মূল স্থানত গাড়ী উঠি ঘূৰি-পকি সকলোকে সম্ভাষণ জনায় । আজিৰ দিনটোত অৰ্থাৎ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত মেগা বিহু অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ কেইবাটাও প্ৰকল্প উন্মোচন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে (Two guinness book of world record set by Assam) ।

লগতে পঢ়ক : Assamese Bihu traditions: ৰঙালী বিহুত খোৱা এশ এবিধ শাকৰ ঔষধি গুণাগুণৰ কথা কেতিয়াবা ভাবি চাইছেনে ?

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এক কাৰ্যসূচীৰ সময়ত অসমৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি কৰে ৷ উক্ত অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চন্দ কাটাৰিয়া, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াও উপস্থিত থাকে (Guinness World Records of Assam) ।

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া কমপ্লেক্সত একক স্থানত ১১৩০৪ বিহুৱা আৰু বিহুৱতীয়ে প্ৰদৰ্শন কৰা বিহুনাচ উপভোগ কৰে ৷ একক স্থানত বিশাল সংখ্যক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ নাম পঞ্জীয়ন কৰা বিহুনাচৰ সাক্ষী হ’ল দেশৰ প্ৰধানমন্ত্ৰীও (World record set by Assam) ৷ অনুষ্ঠানৰ অন্তত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিদায় দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : Protest at Sarusajai Stadium: প্ৰধানমন্ত্ৰীৰ আগমণৰ সময়তে সৰুসজাইত ভাঁহি উঠিল মূৰ্দাবাদ ধ্বনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.