ETV Bharat / state

আশাপ্ৰদ হোৱা নাই CAB বিৰোধী আন্দোলনঃ হিমন্ত - CAB

হিমন্ত বিশ্ব শৰ্মাই ক'লে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আশাপ্ৰদভাৱে হোৱা নাই আন্দোলন ৷ অমিত শ্বাহৰ সৈতে হোৱা অসমৰ জাতীয় দল সংগঠনৰ  আলোচনাৰ পিচতেই ইতিবাচক প্ৰভাৱ পৰিছে ৰাজ্যত ৷

হিমন্ত বিশ্ব শৰ্মা
CAB বিৰুদ্ধ আশা ধৰণে প্ৰতিবাদ হোৱা নাইঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Dec 7, 2019, 5:09 PM IST

গুৱাহাটী, 7 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিবাদ চলি থকাৰ সময়তে এই প্ৰতিবাদক এক প্ৰকাৰ কটাক্ষ কৰিছে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীৰ মতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আশাপ্ৰদভাৱে হোৱা নাই আন্দোলন ৷ মন্ত্ৰীগৰাকীৰ এই বক্তব্যই যেন উপলুঙা কৰিছে সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসক-উকিল, সাংবাদিক আদি সকলো স্তৰৰ লোকে সাব্যস্ত কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদক ৷ ৰাজ্যত যেন ইয়াতকৈ অধিক অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাতো কামনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই, সেয়া তেখেতৰ এই বক্তব্যত প্ৰতিফলিত হৈছে ৷ লগতে তেওঁ কয় যে, অমিত শ্বাহৰ সৈতে হোৱা অসমৰ জাতীয় দল সংগঠনৰ আলোচনাৰ পিচতেই ইতিবাচক প্ৰভাৱ পৰিছে ৰাজ্যত ৷ ৯ ডিচেম্বৰত সংসদত বিলখন উত্থাপন হোৱাৰ পিচত আৰু অধিক ইতিবাচক প্ৰভাৱ পৰিব বুলি আশাবাদী মন্ত্ৰী গৰাকী ৷

CAB বিৰুদ্ধ আশা ধৰণে প্ৰতিবাদ হোৱা নাইঃ হিমন্ত বিশ্ব শৰ্মা

ইয়াৰ সমান্তৰালকৈ অতিপূৰ্বে প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাক লৈও পুনৰ অসন্তুষ্টি ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ পূৰ্বতেই NRC ত কেলেংকাৰী কথা মই উল্লেখ কৰিছিলো আৰু সংবাদমাধ্যত প্ৰকাশ হোৱা বাতৰি সত্য সত্যতা আছে বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই । কেৱল CAG ৰ প্ৰতিবেদনত উল্লেখ থকা কেলেংকাৰীৰ উপৰিও আৰু বহু বিত্তীয় খেলিমেলি আছে । এই সকলোবোৰ সামৰি অতি সোনকালে তদন্তৰ ব্যৱস্থা কৰা হ'ব । Accountant Generalত বিষয়টো পৰ্যবেক্ষণ কৰি বিধানসভাত বিষয়টো আলোচনা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, শনিবাৰে পুৱা লাচিত ঘাট পৰ্যবেক্ষণ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ১৫ ডিচেম্বৰত অসমলৈ আহিব ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰী ৷ যাৰ বাবে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত৷ মহানগৰীখন স্বচ্ছ-নিকা কৰি ৰাখিবৰ বাবে মহানগৰবাসীক আহ্বান মন্ত্ৰী গৰাকীৰ ৷

Intro: পুৱাই লাচিত ঘাট পৰ্যবেক্ষণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
#১৫ ডিচেম্বৰত অসমলৈ আহিব ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰী
# আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ লগতে গুৱাহাটী মহানগৰী
# মহানগৰী স্বচ্ছ নিকা ৰাখিবৰ বাবে মহানগৰিবাসীক আহ্বাহন মন্ত্ৰী গৰাকীৰ
#এয়া এক ঐতিহাসিক সন্মিলন অনুষ্ঠিত হব অসমত
*মালিগাঁও ত হব আন এক উৰণীয়া সেঁতু*

Body:NRC সন্দৰ্ভটো মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
#পূৰ্বতেই nrc ত কেলেংকাৰী কথা মই উল্লেখ কৰিছিলোঁ আৰু সংবাদমাধ্যত ওলোৱা বাতৰি সত্য সত্যতা আছে। কেৱল cag ৰ প্ৰতিবেদন উল্লেখ কথা কেলেংকাৰীৰ উপৰিও আৰু বহু বিত্ত খেলিমেলি আছে। এই সকলোবোৰ সামৰী অতি সোনকালে তদন্তৰ ব্যৱস্থা কৰা হব। accountant general বিষয়টো পৰ্যবেক্ষণ
Ag report চাই বিধানসভাত বিষয়টো আলোচনা হব ।
ভাৰত চৰকাৰ অথবা অসমৰ তদন্তকাৰি সংস্থাক দিয়া হব তদন্তৰ দায়িত্ব

Conclusion:CAB সন্দৰ্ভটো মন্তব্য হিমন্ত বিশ্বৰ
#যিমান আশা কৰা হৈছিল সিমান প্ৰতিবাদ হোৱা নাই
# অসমৰ জাতীয় দল সংগঠনৰে অমিত শ্বাহৰে হোৱা আলোচনাৰ পিছতেই ইতিবাচক প্ৰভাৱ পৰিছে
#৯ ডিচেম্বৰত সংসদত বিলখন উত্থাপন হোৱাৰ পিছত আৰু অধিক ইতিবাচক প্ৰভাৱ পৰিব বুলি মন্ত্ৰী গৰাকীৰ মন্তব্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.