ETV Bharat / state

লক্ষ্য নিৰ্বাচন : পুনৰ চাৰিখন নতুন আঁচনি ঘোষণা হিমন্তৰ

author img

By

Published : Sep 25, 2020, 2:22 PM IST

সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে ন ন আঁচনি ঘোষণা কৰিব ধৰিছে শাসকীয় দলৰ চৰকাৰে ৷ ৰাজ্য চৰকাৰে পূৰ্বৰ তিনিখন আঁচনিৰ পিছতে পুনৰাই চাৰিখন নতুন আঁচনি ঘোষণা কৰে ৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই চাৰি আঁচনি ৷

Himanta Biswa Sarma Pressmeet guwahati assam etv bharat news
সংবাদমেল

গুৱাহাটী,25 ছেপ্তেম্বৰ: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্য চৰকাৰে নিতৌ ন ন আঁচনি ঘোষণা কৰাৰ ঢৌ উঠিছে । শুকুৰবাৰে পুৱা জনতা ভৱনত আয়োজিত এক সংবাদমেলত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ উদ্যোগৰ বাবে ঘোষণা কৰে চাৰিখনকৈ নতুন আঁচনি ।

চাহ উদ্যোগৰ বাবে ঘোষণা চাৰিখন নতুন আঁচনি

সেই অনুসৰি এতিয়াৰে পৰা যদি কোনো চাহ উদ্যোগে বেংকৰ পৰা মূলধন হিচাপে ঋণ গ্ৰহণ কৰিব বিচাৰে তেন্তে ৰাজ্য চৰকাৰে 3 শতাংশ ৰাজ সাহায্য আগবঢ়াব । তেনেদৰে ৰপ্তানিৰ বাবে প্ৰস্তুত কৰা অৰ্থডক্স চাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰতি কিল’গ্ৰামৰ বিপৰীতে 7 টকাকৈ আগবঢ়াব ৰাজ সাহায্য । অৰ্থডক্স চাহ প্ৰস্তুতৰ বাবে কোনো চাহ কোম্পানীয়ে নতুন যন্ত্ৰ ক্ৰয় কৰিব খুজিলে 25 শতাংশ ৰাজ সাহায্য চৰকাৰে আগবঢ়াব ৷

অৰ্থডক্স চাহৰ ক্ষেত্ৰত ৰাজ সাহায্য আগবঢ়াব চৰকাৰে

আনহাতে,পৰৱৰ্তী তিনি বছৰৰ বাবে ৰাজ্যৰ কোনো চাহ কোম্পানীয়ে কৃষি কৰ আদায় দিব নালাগে বুলি স্পষ্টকৈ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ অসম চাহ কোম্পানীয়ে শ্ৰমিকক পূজাৰ বোনাচ 20 শতাংশ হাৰত আদায় দিব ৷ অসম আৰক্ষীৰ জোৱান আৰু কনিষ্টবলসকলে লাভ কৰি অহা ৰেচনৰ ভাট্টা মাহে 1200 টকাৰ পৰা 2000 টকালৈ চৰকাৰে বৃদ্ধি কৰাৰ কথা এই সংবাদমেলতে ঘোষণা কৰা হৈছে ।

অসম আৰক্ষীৰ ৰেচন ভাট্টা বৃদ্ধি

তদুপৰি সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে সম্প্ৰতি চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বিষয়েও অৱগত কৰে । বৃহস্পতিবাৰে গগৈৰ শৰীৰত অক্সিজেনৰ মাত্ৰা 92 লৈকে হ্ৰাস পোৱাৰ বাবে 6 লিটাৰ অক্সিজেন যোগান ধৰিবলগীয়া হৈছিল । বৰ্তমান গগৈৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ সুস্থিৰ । শুকুৰবাৰে পুনৰ 3 লিটাৰ অক্সিজেন যোগান ধৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ সম্প্ৰতি গগৈৰ শৰীৰত অক্সিজেনৰ মাত্ৰাও বৃদ্ধি পাইছে 94 লৈ ৷ আনহাতে,গগৈৰ চিকিৎসা সম্পৰ্কে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেঞ্চত গৌৰৱ গগৈয়েও ভাগ লোৱাৰ কথা ব্যক্ত কৰে মন্ত্ৰী শৰ্মাই ৷ এইমছৰ সঞ্চালকগৰাকীয়ে গগৈৰ চিকিৎসা সঠিক দিশেৰে আগুৱাইছে বুলি জানিবলৈ দিয়ে । শীঘ্ৰে এইমছৰ পৰা এক বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে অসমলৈ অহাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

তৰুণ গগৈৰ স্বাস্থ্যৰ শেহতীয়া খবৰ প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আনহাতে,বড়ো চুক্তিৰ ক্ষীপ্ৰ ৰূপায়ণৰ বাবে চৰকাৰ অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰি বিটিচিৰ নাম সলনি কৰি বিটিআৰ ৰখাৰ বাবে কৰা চুক্তিৰ যি দফা আছিল তাত ৰাজ্যপালে অনুমোদন জনোৱা বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এতিয়াৰে পৰা বিটিচি বিটিআৰ হিচাপে পৰিচিত হ’ব ৷ একেদৰে বিটিচিৰ চুবুৰীয়া যি সমূহ গাঁৱৰ বড়ো জনবসতি কমেও 50 শতাংশ, তেওঁলোকে বিটিআৰত অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব আৰু যি সমূহ গাঁৱত অনা-বড়ো লোকৰ বসতি 50 শতাংশ বা অধিক তেনে গাঁৱসমূহ বিটিআৰত অন্তৰ্ভূক্ত নহ’বলৈ আবেদন জনাব পাৰিব । সম্প্ৰতি সমগ্ৰ বিষয়টো পৰিচালনা কৰিবলৈ প্ৰাক্তন মুখ্য সচিব পি পি বাৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰিছে চৰকাৰে । যি আয়োগত সদস্য হিচাপে ৰখা হৈছে বিটিআৰৰ প্ৰশাসক ৰাজেশ প্ৰসাদ, এবছুৰ প্ৰতিনিধি জয়ন্ত বসুমতাৰী আৰু অনা-বড়ো সম্প্ৰদায়ৰ প্ৰতিনিধি ডালিম বায়নক । এই আয়োগে ছমাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দাখিল কৰিব ।

আনহাতে,এই সংবাদমেলতে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে মন্ত্ৰী ডঃ শৰ্মা । ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে সম্প্ৰতি ৰাজ্যত প্ৰায় 30 লাখ পৰীক্ষা সম্পন্ন হোৱাৰ লগতে প্ৰায় 30 হাজাৰ লোক চিকিৎসাধীন হৈ থকাৰ কথা প্ৰকাশ কৰে । তদুপৰি অসমলৈ অহা বিমানযাত্ৰীসকলৰ কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত বহু পৰিমাণে ৰেহাই দিয়া হোৱা বুলি কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত প্ৰকাশ কৰে ।

প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সমালোচনাত মুখৰ মন্ত্ৰী শৰ্মা

লগতে চাওকঃ গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.