ETV Bharat / state

২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকাকৈ

author img

By

Published : Aug 12, 2020, 8:17 PM IST

অহা ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে লাভ কৰিব এই আঁচনি। লগতে ১৭ আগষ্টৰ পৰা আচঁনিখনৰ কাম-কাজ আৰম্ভ হ'ব। এই আঁচনিখনৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক প্ৰদান কৰা হ'ব প্ৰতিমাহে 830 টকাকৈ আৰ্থিক সাহায্য।

HIMANTA BISWA SARMA PRESS MEET
২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকাকৈ

গুৱাহাটী, ১২ আগষ্টঃ বুধবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেল খন "অৰণোদয় আঁচনি" ৰূপায়নৰ বিভিন্ন দিশ সামৰি অনুষ্ঠিত কৰা হয় । ইতিপূৰ্বে বাজেটত "অষ্টাদশী মুকুতা মালা" নামৰ এক আঁচনি ঘোষণা কৰে চৰকাৰে।

এই "অষ্টাদশী মুকুতা মালা" অৰ্থাৎ অৰুণোদয়ৰ স্থিতি প্ৰকাশ কৰি তেওঁ কয় যে, অসমৰ চৰকাৰৰ এইখন আচনি একক, অনন্য আৰু জনকল্যাণমূলক। অহা ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে লাভ কৰিব এই আঁচনি । লগতে ১৭ আগষ্টৰ পৰা আচঁনিখনৰ কাম-কাজ আৰম্ভ হ'ব। এই আঁচনিখনৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক প্ৰদান কৰা হ'ব প্ৰতিমাহে আৰ্থিক সাহায্য। পৰিয়ালৰ শিশু, বৃদ্ধ আদি প্ৰতিজন লোকে লাভ কৰিব এই ধনৰাশি। প্ৰতিমাহে ৮৩০ টকাকৈ প্ৰদান কৰা হ'ব। প্ৰতিমাহৰ ১ তাৰিখে হিতাধিকাৰীৰ একাউন্ট জমা হব এই ধন। অৱশ্যে ইয়াৰ বাবে মহিলা হিতাধিকাৰীয়েহে লাভ কৰিব পাৰিব ধনৰাশি।

ইপিনে ২ লাখতকৈ কম ভোটাৰ থকা সমষ্টিত ১৫ হাজাৰ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। আৰু ২ লাখতকৈ বেছি ভোটাৰ থকা সমষ্টিত ১৭ লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰতিটো সমষ্টিত দুজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰিব চৰকাৰে। যাতে হিতাধীকাৰীৰ বেংকৰ নথি-পত্ৰ আৰু একাউন্টৰ সকলো দিশ চোৱা-চিতা কৰি এই ধনৰাশি লাভ কৰিব পাৰে।

ইয়াৰ বাবে চৰকাৰে ২৮০০ কোটি টকা ব্যায় কৰিব। প্ৰতি বছৰে ১০ হাজাৰ লোকে লাভ কৰিব এই ধনৰাশি। এতিয়াৰেপৰা প্ৰতি সপ্তাহত চৰকাৰে ঘোষণা কৰিব নতুন নতুন আঁচনি। অৰুণোদয় আঁচনিয়ে এতিয়ালৈ সৰ্ববৃহৎ আঁচনি। এই আঁচনিৰ জৰিয়তে দুখীয়া পৰিয়ালে অনাগত পাঁচ বছৰত এটা ফ্ৰেম ৱৰ্কৰ জৰিয়তে সুবিধা পাব।

লগতে পঢ়কঃ স্বাধীনতা দিৱস বৰ্জৰ আহ্বান আলফা(স্বা)-এন এছ চি এনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.