ETV Bharat / state

কামৰূপ মহানগৰ জিলাত বৃদ্ধি হ’ব লক ডাউন: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jul 11, 2020, 9:21 PM IST

Updated : Jul 11, 2020, 9:48 PM IST

মহানগৰত বৃদ্ধি কৰা হ’ব লক ডাউনৰ সময় সীমা ৷ শনিবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলত ভাগ লৈ আনুষ্ঠানিকভাৱে নক'লেও এই কথা স্পষ্ট কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

কামৰূপ(ম) জিলাত বৃদ্ধি হ’ব লক্ ডাউন: হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 11 জুলাই: গুৱাহাটীকে ধৰি সমগ্ৰ কামৰূপ (ম) জিলাত বলৱৎ হৈ থকা 14 দিনীয়া লক ডাউনৰ সময়সীমা দেওবাৰে অৰ্থাৎ কাইলৈ অন্ত পৰিব যদিও পুনৰ লক ডাউন বৃদ্ধি কৰা হ’ব জিলাখনত । শনিবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলত ভাগ লৈ আনুষ্ঠানিকভাৱে নক'লেও এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । স্বাস্থ্যবিভাগে এসপ্তাহৰ লক ডাউনৰ পোষকতা কৰাৰ পৰিৱৰ্তে নাগৰিক সমিতি সমূহে দুই সপ্তাহৰ লক ডাউনৰ পৰামৰ্শ আগবঢ়াইছিল ৷ এতিয়া সম্পূৰ্ণ নিৰ্দেশনা কাইলৈ আনুষ্ঠানিকভাৱে মুখ্য সচিবে ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে । দুই সপ্তাহ নে এসপ্তাহ লক ডাউন বৃদ্ধি হ’ব সেইটো মুখ্য সচিবে নিৰ্ধাৰণ কৰিব বুলি কয় ৷

দিছপুৰৰ জনতা ভৱনত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

স্বাস্থ্যবিভাগে এসপ্তাহৰ লক ডাউনৰ পোষকতা কৰিছে কাৰণ শেহতীয়াকৈ গুৱাহাটী মহানগৰীত প্ৰায় এক লাখ লোকৰ এন্টিজেন টেষ্ট সম্পন্ন কৰা হৈছে আৰু ক্ৰমাৎ পজিটিভ লোকৰ হাৰ সামান্য পৰিমাণে নিম্নগামী হোৱাটো পৰিলক্ষিত হৈছে ।

সংবাদমেলত তেওঁ আৰু কয় যে,আজিৰ তাৰিখত অসমত ক'ভিড পজিটিভ ফলাফল পোৱা লোকৰ সংখ্যা হৈছে 15,536 গৰাকী । ইয়াৰে 9,848 গৰাকী সুস্থ হৈ উঠিছে ৷ বৰ্তমান সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা হৈছে 5,650 গৰাকী । অসমত ক'ভিড ৰোগী সুস্থ হৈ উঠাৰ হাৰ 63.39 শতাংশ ।

আনহাতে এই পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈ 35 গৰাকী লোকৰ মৃত্যু ঘটিছে অসমত । মৃত্যুৰ এই হাৰ হৈছে 0.23 শতাংশ, যি দেশৰ ভিতৰতে সৰ্বনিম্ন । গুৱাহাটীৰ ছয় খন হাস্পতালত চৰকাৰে ক'ভিড ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰু হাস্পতাল ছয়খনত বিচনাৰ সংখ্যা আছে 972 খন । ইয়াৰে 772 খনত ৰোগী আছে ।

কোভিড কেয়াৰ চেন্টাৰ সমূহত এতিয়াও প্ৰায় এহেজাৰ বিচনা খালি আছে বুলি জানিবলৈ দিয়ে । ইপিনে আইচিএমআৰৰ গাইডলাইন অনুসৰি এতিয়াৰে পৰা কেৱল কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোককহে কোভিডত মৃত্যু হোৱা বুলি ধৰা হ’ব । কোনো লোকৰ মৃত্যুৰ পিছত তেঁওৰ শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰিলে তেনে লোকক ক'ভিড আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বুলি গণ্য কৰা নহয় ।

ইপিনে আইচিএমআৰে হ’ম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ কথা কৈছে যদিও অসমত এই ক্ষেত্ৰত সমস্যা আছে বুলি তেওঁ মন্তব্য কৰে । কিয়নো অসমৰ সমাজ ব্যৱস্থাত অধিকাংশ ঘৰতে একেলগে তিনিটা প্ৰজন্ম বাস কৰে । গতিকে সংক্ৰমণৰ আশংকা প্ৰৱল । তথাপিও কোনো লোক ঘৰত থাকিব বিচাৰিলে স্বাস্থ্য বিভাগৰ সৈতে এক চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব । য’ত তেওঁ উল্লেখ কৰিব লাগিব এই বুলি যে তেওঁৰ ঘৰত কোনো বৃদ্ধ লোক নাই, চুবুৰীয়াৰ কোনো আপত্তি নাই, তেওঁ নিজাকৈ চিকিৎসকৰ ব্যৱস্থা কৰিব,ৰাতি বিয়লি প্ৰয়োজন হ'লে হাস্পতাললৈ যাব পৰাকৈ নিজা বাহন থাকিব লাগিব,নিজাকৈ পাল্চ অক্সিমিটাৰ ক্ৰয় কৰি ল’ব লাগিব ।

ইপিনে কাইলৈৰ পৰা অন্যান্য চিকিৎসাৰ বাবে হাস্পতালত দেখুৱাবলগীয়া ক'ভিড পৰীক্ষাৰ ফলাফল জৰুৰীকালিন ৰোগীসকলক সোনকালে দিয়াৰ এক ব্যৱস্থা চৰকাৰে হাতত লৈছে ।

সেই মৰ্মে দিনৰ 12 বজাৰ পূৰ্বে যদি কোনো লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাব দি থৈ আহে তেন্তে 24 ঘন্টাৰ ভিতৰত তাৰ ফলাফল দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে । একেদৰে গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত বিশেষভাবে ক'ভিড চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জনায় ।

Last Updated : Jul 11, 2020, 9:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.