গুৱাহাটী, 22 ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) বৃহস্পতিবাৰে অসম বিধানসভাৰ আৱাসিক চৌহদত প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষ বহু উপযোগী ভৱনৰ শিলান্যাস কৰে (Multi Utility building Block)।
এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে কৰ্ম সংস্কৃতিৰ মানসিকতা বিকাশ, অতিথি শুশ্ৰূষা আৰু স্বাস্থ্যসন্মত জীৱন-যাপনৰ এক পৰিৱেশ ৰচনা কৰাৰ বাবে বিগত কিছুদিন ধৰি ৰাজ্য চৰকাৰে ৰাজধানী চৌহদটো সুন্দৰভাৱে সজাই পৰাই তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । বৰ্তমান অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ কাম পূর্ণগতি অব্যাহত আছে আৰু এপ্ৰিল মাহৰ ভিতৰত এই নতুন ভৱনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ আশা কৰা হৈছে (Assembly Residential Complex)।
তেওঁ লগতে কয় যে সমান্তৰালভাৱে আজি শিলান্যাস হোৱা বহু উপযোগী ভৱনটোত এখন ক্ষুদ্ৰ চিকিৎসালয়, এম্বুলেন্স পার্ক, ডিপার্টমেণ্টেল ষ্টোৰ, কেণ্টিন, পাকঘৰ, ব্যায়ামাগাৰ আদি সুব্যৱস্থা উপলব্ধ থাকিব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৩৩ হাজাৰ বৰ্গফুটৰ দুটা ব্লকৰ সৈতে ভূমি মহলা সহিতে দুমহলীয়া ভৱনটোৰ প্ৰকল্প ব্যয় প্ৰায় ১৪ কোটি টকা ধার্য কৰা হৈছে ।
হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ যি পুতৌজনক অৱস্থা আছিল সেইটো লাহে লাহে উন্নত হ’ব ধৰিছে । ভৱিষ্যতৰ বাবে এই প্ৰকল্পটো গ্ৰহণ কৰা হৈছে । কাৰণ মানুহ যিয়েই নাথাকক অনুষ্ঠানবোৰ জীয়াই থাকিব লাগিব । সেয়েহে এনেধৰণৰ সা-সুবিধা ভৱিষ্যতৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে । যিকোনো প্ৰকল্প নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ কৰি এটা আদৰ্শ প্ৰতিষ্ঠা কৰিব পৰা যায় সেই দিশত যথোচিত গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয় ।
তেওঁ লগতে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত এই ভৱনটিৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰি তুলিবলৈ লোকনির্মাণ বিভাগক আহ্বান জনায় (Assam CM laid foundation stone of Multi Utility building Block) ৷ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিনেও ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা প্ৰমুখ্য্ অন্যান্য শীর্ষ বিষয়াসকলো উপস্থিত থাকে ।
লগতে পঢ়ক: Sahitya Akademi Award 2022: ৰাজ্যৰ 4গৰাকী বিশিষ্ট সাহিত্যিক-গল্পকাৰ-কবিলৈ সাহিত্য অকাডেমি 2022 বঁটা