গুৱাহাটী, ২৯ অক্টোবৰ : সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০ৰ সফল প্ৰাৰ্থী আৰু জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তাসকলক শনিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Appointment Letter distributed at Guwahati) । তেওঁ উক্ত অনুষ্ঠানত চৰকাৰী চাকৰি লাভ কৰি ৰাইজৰ সেৱাৰ বাবে প্ৰস্তুত হোৱা ৬৫৫গৰাকী প্ৰাৰ্থী সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী ড৹ বিশ্ব শৰ্মাই স্বচ্ছভাৱে প্ৰাৰ্থী বাছনি কৰাৰ বাবে অসম লোকসেৱা আয়োগলৈ ধন্যবাদ জ্ঞাপন কৰে ।
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) সকলো কাৰিকৰী বিভাগৰ অভিযন্তা বাছনি কৰিবলৈ এটা উমৈহতীয়া ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অসম লোকসেৱা আয়োগক আহ্বান জনায় । তেওঁ সফল প্ৰাৰ্থীক লটাৰী পদ্ধতিৰে বিভাগ আবণ্টন দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায় লোকসেৱা আয়োগক ।
নৱনিযুক্ত অসম অসামৰিক সেৱা আৰু সংযুক্ত সেৱাসমূহৰ বিষয়া আৰু কনিষ্ঠ অভিযন্তাসকলক তেওঁলোকৰ পেছাদাৰী কৰ্মজীৱনটো দুখীয়া আৰু সাধাৰণ লোকৰ সেৱাত উৎসৰ্গা কৰিবলৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায় । নৱনিযুক্ত বিষয়াসকলক চৰকাৰৰ নতুন অসম নিৰ্মাণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ দিশত আগভাগ ল'বলৈ কয় ।
তেওঁ ভাষণ প্ৰসংগত কয় যে ২০২৬ লৈ চৰকাৰ প্ৰতিজন ভাল কাম কৰা বিষয়াৰ লগত থিয় হৈ থাকিব । অসম লোকসেৱা আয়োগত ৰঙা ফিটাৰ মেৰপেছ এতিয়াও আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই সেয়া নাইকীয়া কৰিব লাগিব বুলি মন্তব্য় কৰে । ইপিনে, প্ৰত্যেক বছৰে জানুৱাৰী আৰু ফেব্ৰুৱাৰীত অসম লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে ।
আনহাতে,নৱনিযুক্ত ডি এছ পি সকলক লাঠি আৰু পিষ্টল দৰিদ্ৰ লোকৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । উক্ত অনুষ্ঠানত মন্ত্ৰী যোগেন মহন,অশোক সিংঘাল,জয়ন্ত মল্লব ৰুৱা, নন্দিতা গাৰ্লোছা, মুখ্য সচিব পৱন বৰঠাকুৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।