ETV Bharat / state

2nd anniversary of Himanta govt: দুবছৰৰ শাসনকালত কি কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ? - Assam CM Press conference on 2nd anniversary

দুবছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে (2nd anniversary of Himanta Biswa Sarma govt) ৷ প্ৰতিশ্ৰুতি পূৰণত সাৰ্থক হ’ল নে মুখ্যমন্ত্ৰী শৰ্মাৰ ? দুবছৰৰ খতিয়ান মেলি সাংবাদিকৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীগৰাকীৰ ৷

2nd anniversary of Himanta Biswa Sarma govt
দুবছৰৰ শাসনকালত কি কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে?
author img

By

Published : May 9, 2023, 8:48 PM IST

দুবছৰৰ শাসনকালত কি কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে?

গুৱাহাটী, ৯ মে’ : আজি দুটা বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে (2nd anniversary of Himanta Biswa Sarma govt) ৷ এই উপলক্ষে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিয়লি সাংবাদিকৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে (Assam CM Press conference) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰি দাঙি ধৰিলে বিগত দুটা বছৰত চৰকাৰখনৰ কাম-কাজৰ খতিয়ান ৷

প্ৰথমেই মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৰাজ্যৰ শান্তি-শৃংখলাৰ ক্ষেত্ৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাত নিজৰ চৰকাৰৰ সফলতাৰ কথা (HBS govt completed 2 years)। হিমন্ত বিশ্ব চৰকাৰৰ প্ৰচেষ্টাত যোৱা দুটা বছৰত বড়োলেণ্ড চুক্তিকে ধৰি বহু কেইখন শান্তি চুক্তি স্বাক্ষৰ হৈছে । অসমৰ বাবে এয়া এটা ইতিবাচক খবৰ । অসমৰ প্ৰায়বোৰ জিলাত অশান্ত অঞ্চল আইন প্ৰত্যাহাৰ কৰা হৈছে ৷ এয়া বিশেষ সফলতা ৷ 2023 চনৰ ভিতৰত বাকী থকা অসমৰ 5 খন জিলাৰ পৰাও অশান্ত অঞ্চল আইন প্ৰত্যাহাৰ কৰাৰ বাবে চেষ্টা কৰা হৈছে ।

কৃষি খণ্ডৰ সফলতাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে যে, কৃষি ক্ষেত্ৰত অসমত কৃষক সকল উৎসাহিত হৈছে । 20 লাখ মেট্ৰিক টন ধান কাৰ্যকালৰ 5 টা বছৰত সংগ্ৰহ কৰাৰ লক্ষ্য । বিগত বছৰত 5 লাখ 25 হাজাৰ মেট্ৰিক টন ধান চৰকাৰে নিজাববীয়াকৈ সংগ্ৰহ কৰিছে ৷ এফচি আইৰ পৰা নিজাববীয়াকৈ ৰাজ্য চৰকাৰে লাহে লাহে ধান ক্ৰয় কৰা প্ৰক্ৰিয়া নিজৰ হাতলৈ অনাৰ কথাও সদৰী কৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ ধানৰ দৰে পৰৱৰ্তী বছৰৰ পৰা মিঠাতেলৰ বাবে সৰিয়হো কৃষকৰ পৰা কিনাৰ সিদ্ধান্ত, লগতে মিলেটো কৃষকৰ পৰা চৰকাৰে কিনাৰ সিদ্ধান্ত লোৱাৰ কথাও দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সদৰী কৰিলে মুখ্যমন্ত্ৰীজনে ৷

আনহাতে, সমবায় সমিতিৰ গো পালকক 1 জুনৰ পৰা 5 টকা অতিৰিক্ত ৰাজসাহাৰ্য দিয়াৰ সিদ্ধান্তৰ কথাও দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সাংবাদিকক সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ এনে সকলো সমবায়ৰ গাখীৰৰ 'ব্ৰেণ্ড নেম' এটাই থাকিব । অসমৰ দুগ্ধ উৎপাদনক আমূল বা নন্দিনীৰ পৰ্যায়ত নিয়াৰ সংকল্প লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ আইন শৃংখলাৰ ক্ষেত্ৰত অসমৰ পজিছন উন্নত হৈছে । কনভিক্সন ৰেট বঢ়াবৰ বাবেও হিমন্ত বিশ্ব চৰকাৰে লৈছে বিশেষ ব্যৱস্থা ৷ ৰাজ্য চৰকাৰৰ 5 খন Poscoআদালত বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমত নেশ্যনেল ফৰেনচিক কলেজ স্থাপনৰ পৰিকল্পনা কৰা হৈছে ৷ অসমৰ প্ৰতিখন মেডিকেল কলেজত Bsc, Msc নাৰ্ছিং পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব অসম চৰকাৰে । লগতে মেডিকেল কলেজসমূহত এটাকৈ বিদশী ভাষা নাৰ্ছসকলক শিকোৱা হ’ব ৷ অসমত ৰেচন কাৰ্ড থকা মানুহ আছে প্ৰায় 55 লাখ । তেওঁলোকক মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ডৰ জড়িয়তে ৫ লাখ টকা দিয়াৰ ব্যৱস্থা কৰা হ’ব । প্ৰতিটো ৰোগৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই কাৰ্ড ৷

শিক্ষা খণ্ডৰো খতিয়ান দাঙি ধৰি হিমন্ত বিশ্ব শৰ্মাই অহা তিনিটা বছৰত অসমৰ হাইস্কুলসমূহ ৰূপান্তৰ ঘটোৱা হ'ব বুলি ঘোষণা কৰে ৷ 5 ৰ পৰা 10 কোটি টকাকৈ দিব এনে বিদ্যালয়বোৰলৈ ৷ এইটো বছৰত 500 বিদ্যালয়ত এই ৰূপান্তৰ প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিব খুজিছে চৰকাৰে ৷ অসম সৈনিক স্কুল চ’ছাইটিৰ জৰিয়তে ৰাজ্যত 5 খন সৈনিক স্কুল খোলাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ লগতে নতুন শিক্ষানীতিৰ জৰিয়তে 4 বছৰীয়া ইন্ট্ৰিগেটেড ডিগ্ৰী কৰ্চ এইবছৰৰ পৰা ৰাজ্যত আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ গোলাঘাট আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰত দলঙৰ কাম অতি সোনকালেই আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে গুৱাহাটীৰ নাৰেংগী-কুৰুৱা দলঙৰ সৈতে গুৱাহাটীৰ লিংক ৰোডৰ কাম আৰম্ভ হ’বলগীয়া কাম এইখন চৰকাৰৰ তৃতীয়টো বছৰতে আৰম্ভ কৰাৰ কথা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অৰুণোদয় আঁচনিৰ অধীনত 27 লাখ লোকক প্ৰদান কৰা হ’ব । এই আঁচনিৰ অধীনত লোকসকলে 1,250 টকাৰ সলনি 1,400 টকাকৈ লাভ কৰিব ৷

দ্বিতীয় বৰ্ষপূৰ্তিৰ উপলক্ষ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে, অসমত বহু বিবাহ বন্ধ কৰা হ'ব । তাৰ বাবে চৰকাৰে আইনী বিশেষজ্ঞৰে গঠন কৰিব বিশেষ কমিটী ৷ ছমাহৰ ভিতৰত এই কমিতিয়ে কাম সমাপ্ত কৰিব ৷ লগতে মুখ্যমন্ত্ৰী শৰ্মাই চৰাইদেউখন বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হোৱালৈ অপেক্ষা কৰিছো বুলি মন্তব্য প্ৰকাশ কৰে । শংকৰদেৱৰ 575 তম আবিৰ্ভাৱ তিথি ৰাজ্যজুৰি উলহে-মালহে পালন কৰা হ'ব ।

ইতিমধ্যে ৰাজ্যখনত ৰংঘৰ প্ৰকল্প কাম আৰম্ভ হৈছে, প্ৰতিমা পাণ্ডে বৰুৱাৰ গৃহ সংৰক্ষণৰ বাবেও চেষ্টা চলাই আছে চৰকাৰে । কাশীৰ আৰ্হিত কামাখ্যাত কৰিডৰ নিৰ্মাণ হ'ব । চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ মন্তব্য আগবঢ়াই কয় যে, “এইবছৰ 1 লাখ নিযুক্তি সম্পন্ন হ’ব । জুন মাহৰ শেষত আৰু 10 হাজাৰ খালী পদৰ বিজ্ঞাপন দিয়া হ’ব । চাকৰি লাভ কৰা 1 লাখ লোকৰ নাম প্ৰকাশ কৰি দিয়া হ’ব ।”

লগতে পঢ়ক: Mihirjyoti Baruah passes away: অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.