ETV Bharat / state

"হিমন্ত বিশ্ব শৰ্মা এজন পেইড ছিংগাৰ": তৰুণ গগৈ

author img

By

Published : Oct 15, 2019, 7:10 PM IST

Updated : Oct 16, 2019, 7:10 AM IST

মঙলবাৰে মহানগৰীত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ হিমন্ত বিশ্ব শৰ্মাক এজন পেইড ছিংগাৰ আখ্য দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

তৰুণ গগৈৰ ফাইল ফটো

গুৱাহাটী, 15 অক্টোবৰ : বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাচতেই উভতি ধৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈয়ে ৷ মঙলবাৰে মহানগৰীত এখন সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক এজন পেইড ছিংগাৰ আখ্যা দিয়াৰ লগতে তেওঁৰ নিচিনা পেইড ছিংগাৰ দেশত দ্বিতীয়জন নাই বুলিও মন্তব্য কৰিলে তৰুণ গগৈয়ে ৷

" হিমন্ত বিশ্ব শৰ্মা এজন পেইড ছিংগাৰ ": তৰুণ গগৈ

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তিনি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সোমবাৰে বৰপেটাৰ জনীয়াত অভিনেতা তৌফিক ৰহমানৰ হৈ প্ৰচাৰ চলাইছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত নিজ ভাষণ প্ৰসংগত বিজেপিৰ তুলনাত কংগ্ৰেছৰ আমোলতহে সংখ্যালঘু ৰাইজৰ ওপৰত অধিক অত্যাচাৰ চলোৱা হৈছিল বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাৰ এনে মন্তব্যৰ পাচতেই মঙলবাৰে উভতি ধৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ একালত গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজৰ নৈ বৈ বুলি মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ জয়গান গাইছে ৷ হিমন্ত বিশ্ব শৰ্মা কেতিয়াবা ইফালে কেতিয়াবা সিফালে যোৱা বিধৰ ব্যক্তি বুলিও কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে সংবাদমেলযোগে বিজেপিৰ দুৰ্বল নীতি,আৰু দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে মোদী চৰকাৰক সমালোচনা কৰে তৰুণ গগৈয়ে ৷ অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰ কেন্দ্ৰ চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত দুৰ্ভাগ্যজনক,এইক্ষেত্ৰত বিৰোধিতা নকৰাটো পৰিতাপৰ বিষয় বুলিও আখ্য দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Intro:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। হিমন্তক পেইড চিংগাৰ বুলি আখ্যা দিলে তৰুণ গগৈয়ে। হিমন্তৰ নিচিনা পেইড চিংগাৰ ভাৰতত দ্বিতীয়জন নাই।

Body:নামনি অসমৰ বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনৰ এক নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অংশগ্ৰন কৰি নিজৰ ভাষণত কৈছিল যে কংগ্ৰেছৰ শাসনকালত মুছলমান অধিক নিৰ্যাতিত হৈছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেলত কয় যে বিজেপিলৈ যোৱাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৈছিল গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বৈ আৰু আজি বিজেপিগামী হৈ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত মুছলমান নিৰ্যাতিত হোৱাৰ কথা কৈছে। হিমন্ত বিশ্ব শৰ্মা কেতিয়াবা ইফালে কেতিয়াবা সিফালে যোৱা বিধৰ ব্যক্তি, হিমন্ত বিশ্ব শর্মা আচলতে পেইড চিংগাৰ। হিমন্তৰ নিচিনা পেইড চিংগাৰ ভাৰতত দ্বিতীয়জন নাই বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট ১: তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

বিজেপি চৰকাৰৰ দুৰ্বল নীতিক বাবে বৰ্তমান ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ শোচনীয় হোৱা বুলি মন্তব্য প্ৰকাশ কৰি গগৈয়ে কয় বিমুদ্র কাৰণ আৰু জি এছ টিৰ ফলত ভাৰতৰ অৰ্থনৈতিক অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামীয়ে বৰ্তমানৰ কেন্দ্ৰ চৰকাৰখনক দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু নৰসিমা ৰাওৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰটোৱে বুজায় যে কংগ্ৰেছৰ দিনত দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল আছিল।

বাইট ২: তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:কেন্দ্ৰ চৰকাৰে নুমলীগড় শোধনগৰ ব্যক্তিগত কৰণ কৰিবলৈ লোৱা সিদ্ধান্তক বোৰোধীতা কৰি গগৈয়ে কয় অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা লাভ কৰা নুমলীগড় শোধনগৰ কেন্দ্ৰ চৰকাৰে ব্যক্তিগত কৰণ কৰাৰ সিদ্ধান্ত দুৰ্ভাগ্যজনক। অসম চৰকাৰে এই ক্ষেত্ৰত বিৰোধ নকৰাটো অতিকৈ পৰিতাপৰ বিষয়।
Last Updated : Oct 16, 2019, 7:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.