ETV Bharat / state

দুই দলৰ সভাপতিসহ ধৰাশায়ীৰ তালিকাত কোন কোন মহাৰথী ?

author img

By

Published : May 2, 2021, 10:25 PM IST

দুই ৰাজনৈতিক দলৰ দুগৰাকীকৈ সভাপতিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ বহুকেইগৰাকী মহাৰথী আজি নিৰ্বাচনী ৰণত পৰিল । প্ৰতিদ্বন্দ্বীৰ হাতত ধৰাশায়ী হ’বলগীয়া হ'ল ভিন্ন দলৰ এইসকল শীৰ্ষ নেতা । স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই গহপুৰ সমষ্টিত পৰাজয়বৰণ কৰিবলগীয়া হ'ল বিজেপিৰ উৎপল বৰাৰ হাতত । ঠিক একেদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ দুলীয়াজান আৰু নাহৰকটীয়া দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এটা সমষ্টিতো তেওঁ বিজয়মুকুট পিন্ধিব নোৱাৰিলে ।

high-profile-leader-deafeted-in-assam-assembly-election
দুই দলৰ সভাপতিসহ ধৰাশায়ীৰ তালিকাত কোন কোন মহাৰথী

গুৱাহাটী,২ মে': নিৰ্বাচনী যুঁজত‌ পৰাজয়বৰণ কৰা ৰথী-মহাৰথীসকলৰ তালিকাখন বৰ চুটি নহয় । বিজেপিৰ আগশাৰীৰ নেত্ৰী আঙুৰলতা ডেকাই হেৰুৱাবলগীয়া হ'ল তেওঁৰ বটদ্ৰৱা সমষ্টি । কংগ্ৰেছৰ শিৱামণি বৰাই পৰাস্ত কৰিলে আঙুৰলতা ডেকাক । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ দুগৰাকীকৈ সম্পাদক তথা প্ৰাক্তন বিধায়ক ক্ৰমে ভূপেন কুমাৰ বৰা আৰু ৰাণা গোস্বামী পৰাজিত হ'ল । বিহপুৰীয়া সমষ্টিত ভূপেন কুমাৰ বৰাক ৰণত পেলালে বিজেপিৰ ড৹ অমিয় কুমাৰ ভূঞাই ।

যোৰহাটত ৰাণা গোস্বামীক পৰাজিত কৰিলে বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে । আনহাতে, অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা পৰাস্ত হ'ল শদিয়াত । বিজেপিৰ বলীন চেতিয়াই বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত কৰিলে ভূঞাক । কংগ্ৰেছৰ আন এগৰাকী আগশাৰীৰ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন পৰাজিত হ'ল নাহৰকটীয়াত । এই সমষ্টিটোত প্ৰণতি ফুকন আৰু লুৰিণজ্যোতি গগৈ উভয়কে হৰুৱাই বিজয়মাল্য পিন্ধিবলৈ সক্ষম হ'ল বিজেপিৰ তৰংগ গগৈয়ে ।

খুমটাই সমষ্টিত পৰাজিত হ'ল শীৰ্ষ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ । একেদৰে ডুমডুমা সমষ্টিৰ পৰা এইবাৰ জিকিব নোৱাৰিলে দুবাৰকৈ বিধায়ক হৈ অহা কংগ্ৰেছৰ দুৰ্গা ভূমিজ । নিশাটোৰ ভিতৰতে কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া ৰূপেশ গোৱালাৰ হাতত পৰাস্ত হ'ল কংগ্ৰেছৰ দুৰ্গা ভূমিজ । বিধানসভালৈ তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা বৰপেটা সমষ্টিৰ অগপৰ প্ৰাৰ্থী গুণীন্দ্ৰ দাসৰ ভাগ্য এইবাৰ সুপ্ৰসন্ন নহ'ল । এআইইউডিএফৰ প্ৰাৰ্থীৰ হাতত ধৰাশায়ী হ'ল অগপৰ গুণীন্দ্ৰ দাস । আনহাতে বিপিএফৰ তিনি মন্ত্ৰী ক্ৰমে প্ৰমীলাৰাণী ব্ৰহ্ম, ৰিহণ দৈমাৰী আৰু চন্দন ব্ৰহ্মও এইবাৰ পৰাজিত হ'ল পূৱ কোকৰাঝাৰ, ওদালগুৰি আৰু চিদলী সমষ্টিত ।

লগতে পঢ়ক : অসমত বিজেপিয়েই থাকিব ক্ষমতাত: সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.