ETV Bharat / state

অচিৰেই ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা-সংস্কৃত টোল

author img

By

Published : Feb 14, 2020, 10:58 AM IST

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ একেমুখে ধিক্কাৰ দিছে বিভিন্নজনে। চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থাক গুৰুত্ব প্ৰদান নকৰি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে এই সিন্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে।

ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা-সংস্কৃত টোল
ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা-সংস্কৃত টোল

গুৱাহাটী, 14 ফেব্ৰুৱাৰীঃ আগন্তুক ৪-৫ মাহৰ ভিতৰতে বন্ধ হৈ পৰিব অসমৰ চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল। এই শিক্ষানুষ্ঠানসমূহ ৰূপান্তৰিত কৰা হ'ব হাইস্কুললৈ। শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা। এই ঘোষণাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ একেমুখে ধিক্কাৰ দিছে বিভিন্নজনে। চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থাক গুৰুত্ব প্ৰদান নকৰি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে।

ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা-সংস্কৃত টোল

ইয়াৰোপৰি মাদ্ৰাছা শিক্ষাকক অধিক বিজ্ঞানসন্মত কৰাৰ আহ্বান জ্যেষ্ঠ সাংবাদিকগৰাকীৰ। উল্লেখ্য যে, মাদ্ৰাছা আৰু সংস্কৃত বিদ্যালয়ত সংস্কৃত - আৰৱীৰ উপৰিও অন্য সকলো বিষয় পাঠদান কৰা হয়। মহানগৰীৰ পানবজাৰস্থিত মনিকুলাশ্ৰম বৈদিক বিদ্যালয়ৰ বিজ্ঞান স্নাতক শিক্ষক ইন্দ্ৰকান্ত দাস আৰু কলা স্নাতক শিক্ষয়ত্ৰী মনিকা দেৱীয়ে বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাৰ কথা ব্যক্ত কৰে। মুঠৰ ওপৰত চৰকাৰৰ এই সিদ্ধান্তক কোনেও সহজভাৱে লব পৰা নাই।

লগতে পঢ়কঃ প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবেই দিল্লীত মুখ থেকেচা খালে বিজেপিয়েঃ টোগাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.