ETV Bharat / state

Allowance of Assam home guard : বৃদ্ধি হ’ল অসমৰ গৃহৰক্ষী জোৱানৰ ভাট্টা - মাহিলী ভাট্টা বৃদ্ধি

অৱশেষত বৃদ্ধি হ’ল অসমৰ গৃহৰক্ষী জোৱানৰ ভাট্টা ৷ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ীয়ে যোৱা সোমবাৰে এই নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (High Court orders hike in wages of Assam Home Guards) । যাক লৈ এতিয়া আনন্দিত অসমৰ গৃহৰক্ষী জোৱানসকল ৷

High Court orders hike in wages of Assam Home Guards
বৃদ্ধি হ’ল অসমৰ গৃহৰক্ষী জোৱানৰ ভাট্টা
author img

By

Published : Aug 9, 2022, 10:48 PM IST

গুৱাহাটী, ৯ আগষ্ট : অসমৰ গৃহৰক্ষী জোৱানলৈ আহিছে ভাল খবৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ গৃহৰক্ষী জোৱানৰ ভাট্টা বৃদ্ধি কৰাৰ নিৰ্দেশ । এতিয়াৰ পৰা অসমৰ গৃহৰক্ষী জোৱানলৈ ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ (High Court orders hike in wages of Assam Home Guards)। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ীয়ে সোমবাৰে এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

অহা ৩০ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ ৰায়টো কাৰ্যকৰী কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত দেশৰ ২৩ খন ৰাজ্যই কাৰ্যকৰী কৰিছে এই নীতি । এতিয়া অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত অসমৰ গৃহৰক্ষী জোৱানলৈ ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা কৰাৰ কি ব্যৱস্থা কৰে, সেয়া সময়হে ক’ব ।

High Court orders hike in wages of Assam Home Guards
গৃহৰক্ষী জোৱানৰ ভাট্টা বৃদ্ধি কৰাৰ নিৰ্দেশ

ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ যুটীয়া সম্পাদক ইক্ৰাম আলীয়ে কয় যে, বহু বছৰ ধৰি অসমৰ গৃহৰক্ষী জোৱানসকলে মাহিলী ভাট্টা বৃদ্ধিৰ দাবীত আন্দোলন কৰি আহিছে । অসমৰ গৃহৰক্ষী জোৱানসকলে মাহিলী ভাট্টা বৃদ্ধিৰ দাবীত চৰকাৰৰ লগত বহু বাৰ আলোচনাত মিলিত হৈছে ।

High Court orders hike in wages of Assam Home Guards
বৃদ্ধি হ’ল অসমৰ গৃহৰক্ষী জোৱানৰ ভাট্টা

কিন্তু চৰকাৰে অসমৰ গৃহৰক্ষী জোৱানসকলে মাহিলী ভাট্টা বৃদ্ধিৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে । লগতে তেওঁ কয়, ‘‘যাৰ বাবে বাধ্য হৈ অসমৰ গৃহৰক্ষী জোৱানসকলে মাহিলী ভাট্টা বৃদ্ধিৰ বাবে যোৱা বছৰ আদালতৰ দ্বাৰস্থ হৈছিলো । অৱশেষত আদালতে অসমৰ গৃহৰক্ষী জোৱানসকলক ন্যায় দিলে’’ ।

সেয়ে তেওঁ চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সময়ৰ আগতে কাৰ্যকৰী কৰাৰ বাবে দাবী জনায় ।

লগতে পঢ়ক : Assam opts for Green Energy: APDCL আৰু NLC ইণ্ডিয়া লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.