ETV Bharat / state

NRC সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 26, 2020, 10:04 PM IST

দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হোৱা NRC ত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিছিল প্ৰায় 3 কোটি 29 লাখ নাগৰিকে ৷ NRC ৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছিল প্ৰায় 19 লক্ষাধিক লোক ৷ বাদ পৰা লোক সকলৰ বাবে ৰাজ্যত নতুনকৈ গঠন কৰা হৈছিল 200 বিদেশী ন্যায়াধীকৰণ ৷ কিন্তু বৰ্তমান বন্ধ হৈ আছে পুনৰনিৰীক্ষণৰ কাম ৷

High Court Advocate Hafij Rashid Ahmed Reaction On NRC
NRC সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 26 আগষ্ট : ৰাজ্যৰ পৰা বিদেশী নাগৰিকক বহিস্কৃত কৰাৰ দাবীত উচ্চতম ন্য়ায়ালয়ৰ নিৰ্দেশনাত অসমত আৰম্ভ কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ NRC উন্নীতকৰণৰ কাম ৷ যিখন নাগৰিক পঞ্জীৰ জৰিয়তে চৰকাৰে অসমৰ অবৈধ লোকক বহিস্কৃত কৰাৰ বাবে চেষ্টা কৰা হৈছিল ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC হৈছে এখন পঞ্জী য’ত দেশৰ সকলো নাগৰিকৰে সবিশেষ তথা সন্নিৱিষ্ট কৰি ৰখা হয় । 1951 চনৰ লোকপিয়লৰ কাম শেষ হোৱাৰ পিচত সেই লোকপিয়ল গণনাত অন্তৰ্ভূক্ত হোৱা সকলো নাগৰিকৰ সবিশেষ তথ্য সন্নিৱিষ্ট কৰি অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰা হৈছিল ।

NRC ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰায় 4 টা বছৰৰ পিচত 2019 চনৰ 31 আগষ্ট তাৰিখে প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হোৱা NRC ত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল প্ৰায় 3 কোটি 29 লক্ষাধিক নাগৰিকে ৷ NRC ৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছিল প্ৰায় 19 লক্ষাধিক লোক ৷

পৰৱৰ্তী সময়ত পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰা নাগৰিক সকলক তেওঁলোকৰ যাৱতীয় নথিপত্ৰ সমূহ বিদেশী ন্যায়াধীকৰণৰ আদালতত জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছিল খচৰা প্ৰস্তুত হোৱাৰ পৰা 120 দিনৰ ভিতৰত ৷ যাৰবাবে ৰাজ্যত নতুনকৈ গঠন কৰা হৈছিল 200 বিদেশী ন্যায়াধীকৰণ ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাবে আজিকোপতি NRC ৰ পূৰ্ণাংগ খচৰাৰ পৰা বাদপৰা সকলৰ নথি সমূহৰ পুনৰীক্ষণৰ কাম সমাপ্ত নহ’ল ৷ যাৰবাবে এক অনিশ্চয়তাত ভুগিছে তেওঁলোক ৷ বিশেষকৈ ৰাজ্যত সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত আৰম্ভ হোৱা আন্দোলনৰ সময়ৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে NRC পুনৰীক্ষণৰ কাম ৷

শেহতীয়াকৈ এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ৷ অধিবক্তা গৰাকীৰ মন্তব্য অনুসৰি, NRC ৰ চূড়ান্ত খচৰাখনৰ পৰা অসমবাসীৰ একো লাভ নহ'ল ৷ NRC ৰ নামত ৰাজ্যৰ লাখ-লাখ লোকক হাৰাশাস্তি কৰাৰো অভিযোগ উখাপন কৰিছে অধিবক্তা গৰাকীয়ে ৷ বহুতো চৰকাৰী ধন খৰচ কৰাৰ পিচতো এখন সঠিক NRC লাভ নকৰা বুলিও মন্তব্য প্ৰদান কৰিছে অধিবক্তা গৰাকীয়ে ৷

ইফালে, চৰকাৰী সুত্ৰত প্ৰকাশ পোৱা অনুসৰি, ছেপ্তেম্বৰ মাহৰ পৰা NRC ৰ পুনৰীক্ষণৰ কাম আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে যদিও কাৰ্যক্ষেত্ৰত কিমানদূৰ ফলপ্ৰসূ হ’ব সেয়াও বৰ্তমানলৈ স্পষ্ট নহয় বুলি মন্তব্য প্ৰদান কৰে অধিবক্তা গৰাকীয়ে ৷

লগতে পঢ়ক : ৰিয়া চক্ৰৱৰ্তীয়ে জীৱনত কেতিয়াও সেৱন কৰা নাই ড্ৰাগছ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.