ETV Bharat / state

গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ হেৰ'ইন আৰু গাঞ্জা - হেৰ'ইনসহ এজন সৰবৰাহকাৰী

গুৱাহাটী ৰে'ল আৰক্ষীয়ে ধবাৰে নিয়মীয়াকৈ চলোৱা তালাচী অভিযানত নামনিমুৱা কামৰূপ এক্সপ্ৰেছত 75 গ্ৰাম হেৰ'ইনসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ আনহাতে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰাও ৰে'ল আৰক্ষীয়ে ১১ কেজি গাঞ্জা উদ্ধাৰ কৰে ৷

জব্দ হেৰ'ইন আৰু গাঞ্জা
জব্দ হেৰ'ইন আৰু গাঞ্জা
author img

By

Published : Mar 12, 2020, 4:29 AM IST

গুৱাহাটী, 11 মাৰ্চঃ বুধবাৰে নিয়মীয়াকৈ চলোৱা তালাচী অভিযানত গুৱাহাটী ৰে'ল আৰক্ষীয়ে আটক কৰে 75 গ্ৰাম হেৰ'ইনসহ এজন সৰবৰাহকাৰী ৷ ৰে'ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰে'ল ষ্টেচনত নামনিমুৱা কামৰূপ এক্সপ্ৰেছত উঠিবলৈ লওঁতেই হেৰ'ইন সৰবৰাহকাৰী আব্দুল মজিদক আটক কৰা হয় ৷ প্ৰায় এক লক্ষাধিক মূল্যৰ হেৰ'ইন খিনি বাংগালুৰুলৈ নিয়াৰ পৰিকল্পনা আছিল আটকাধীন আব্দুল মজিদৰ ৷

গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ হেৰ'ইন আৰু গাঞ্জা

আনহাতে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰাও ৰে'ল আৰক্ষীয়ে ১১ কেজি গাঞ্জা উদ্ধাৰ কৰে যদিও কোনো লোকক আটক কৰিব নোৱাৰিলে ৷ এই সন্দৰ্ভত ইতিমধ্যে ৰে'ল আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ বোকাজানত ব্ৰাউন চুগাৰসহ 4 জন ড্ৰাগছ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.