গুৱাহাটী, 18 এপ্ৰিল: বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰিছে মানৱ জাতিৰ স্বাভাৱিক জীৱন ৷ এই মাৰাত্মক ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে প্ৰতিখন দেশে গ্ৰহণ কৰা সাৱধানতাৰ দৰে ভাৰতবৰ্ষতো বাহাল ৰখা হৈছে লক ডাউন ৷ কিন্তু এই লড ডাউনৰ মাজতে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজ কৰ্মত বৰ্তি থাকিব লগীয়া হৈছে জৰুৰীকালীন সেৱাৰ লগত জড়িত দেশৰ লাখ লাখ লোক ৷ সেই লোক সকলক উৎসাহ দিয়া তথা সম্ভাষণ জনোৱাৰ উদ্দেশ্যে বৃহত্তৰ হেঙেৰাবাৰী ৰঙালী বিহু সন্মিলনে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷
এই ভয়াৱহ পৰিস্থিতিৰ মাজতে নিৰন্তৰ ভাৱে সেৱা আগবঢ়াই যোৱাৰ বাবে শুকুৰবাৰে হেঙেৰাবাৰী ৰঙালী বিহু সন্মিলনে সম্বৰ্ধনা জনায় স্বাস্থ্যকৰ্মী,আৰক্ষী বিষয়া, সংবাদকৰ্মী সকলক ৷ হেঙেৰাবাৰীস্থিত স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সকলো কৰ্মচাৰী,দিছপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু বহুকেইজন সংবাদকৰ্মীক মাস্ক,গামোচা আৰু লাৰু পিঠাৰে সন্মান জনায় বিহু সন্মিলনে ৷ হেঙেৰাবাৰী বিহু সন্মিলনীৰ এই কাৰ্যক শলাগ লৈছে সকলোৱে ৷
লগতে পঢ়কঃ ক’ভিড-১৯ৰ পাছত বিশ্বত কি পৰিৱৰ্তন হ’ব ?