ETV Bharat / state

কৰ’ণাত আক্ৰান্ত প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস

প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইতিমধ্যে হেমেন দাস গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ক'ৰণাত আক্ৰান্ত প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস

author img

By

Published : May 1, 2021, 11:47 AM IST

Updated : May 1, 2021, 12:57 PM IST

গুৱাহাটী, ১ মে': ৰাজ্যৰ এগৰাকী আপোচবিহীন, বৰেণ্য ৰাজনীতিক, প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস আক্ৰান্ত হৈছে ক'ভিডত । সম্প্ৰতি গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছে হেমেন দাস।

ক'ভিডত আক্ৰান্ত হোৱা বাবে এইগৰাকী বৰেণ্য ৰাজনীতিকক চাৰিদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসালয়ৰ সুত্ৰই প্ৰকাশ কৰা মতে তেওঁ ইতিমধ্যে নিউম'নিয়া ৰোগতো আক্ৰান্ত হৈছে ।

উল্লেখ্য যে, সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক, প্ৰবীণ চি পি এম নেতা হেমেন দাস অসমৰ ৰাজনীতিত এক আদৰ্শ হিচাপে চিহ্নিত হৈ আহিছে । এইগৰাকী জ্যেষ্ঠ নেতাৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধ সকলে ।

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই

Last Updated : May 1, 2021, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.