গুৱাহাটী, ১৫ জুন : ব্যক্তিগত জীৱন, প্ৰাত্যহিক জীৱন যাত্ৰা কিম্বা সামাজিক নিৰাপত্তা - কোনোটো দিশৰ পৰাই নিজকে সুখী অনুভৱ নকৰে গুৱাহাটীকে ধৰি দেশৰ বাইশখন মহানগৰীৰ বয়োবৃদ্ধ নাগৰিকে । এক দীঘলীয়া জীৱন যুদ্ধৰ পৰিক্ৰমাৰে জীৱনৰ অপৰাহ্নত উপস্থিত হোৱা বয়োজ্যেষ্ঠজনৰ সমুখত আজিও সেই একেই প্ৰত্যাহ্বান, ‘‘জীয়াই থকাৰ’’ ।
আজি ১৫ জুন ৷ প্ৰত্যেক বছৰে আজিৰ দিনটো ৰাষ্ট্ৰসংঘই বিশ্বজুৰি পালন কৰি আহিছে ‘‘ৱৰ্ল্ড এল্ডাৰ এবিউজ এৱাৰনেছ ডে’’ হিচাপে । এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন ‘‘হেল্প এইজ ইণ্ডিয়া’’ ই প্ৰকাশ কৰা এক অধ্যয়নৰ প্ৰতিবেদনে পোহৰলৈ আনিছে কেতবোৰ স্পৰ্শকাতৰ বিষয় ।
বিগত ৪৪ বছৰ ধৰি বিশ্বৰ বিভিন্ন দেশত বয়োজ্যেষ্ঠসকলৰ পৰিচৰ্যা আৰু অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰি অহা হেল্প এইজ ইণ্ডিয়াই (Elderly need better healthcare) উল্লেখিত আন্তঃৰাষ্ট্ৰীয় দিৱসৰ দিনটোৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এক অধ্যয়নৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ প্ৰধান মহানগৰীসমূহত বাস কৰা বয়োজ্যেষ্ঠসকলৰ এক লক্ষণীয় সংখ্যকে এক কঠিন বাস্তৱৰ মাজেৰে জীৱন পাৰ কৰিছে ।
‘‘ব্ৰীজ দ্য গেপ: আনডাৰষ্টেণ্ডিং এল্ডাৰছ্ নীডছ’’ (Bridge the Gap: Understanding Elder's Needs) শীৰ্ষক এই প্ৰতিবেদনত কোৱা হৈছে যে, বয়োজ্যেষ্ঠসকলৰ সন্মুখত আৰ্থিক আৰু সামাজিক নিৰাপত্তা ইমানেই দুৰ্বল যে তেওঁলোকৰ চল্লিশ শতাংশ লোকেই অৱসৰৰ পিছতো ‘‘শৰীৰে টানিব পৰা’’ পৰ্যন্ত উপাৰ্জনমুখী কামত নিয়োজিত হৈ থাকিব বিচাৰে ।
লগতে পঢ়ক : ভাৰতীয় সেনাত আৰম্ভ 'মিছন অগ্নিপথ'
তেওঁলোকৰ মতে, অৱসৰী লোক হিচাপে যি পৰিমাণে পেঞ্চন বা আন উৎসৰ পৰা ধন পায়, সেইখিনি চলি থাকিবলৈ মুঠেই পৰ্যাপ্ত নহয় । গতিকে, বয়সে নামানিলেও তেওঁলোকে উপাৰ্জন কৰিব লাগিবই । আনহাতে, এই প্ৰতিবেদন অনুসৰি অধ্যয়নে সামৰি লোৱা বয়োজ্যেষ্ঠসকলৰ ২৯ শতাংশ লোকে চাকৰিৰ অৱসৰৰ সময় বৃদ্ধি হোৱা আৰু ৪৫ শতাংশই ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে ।
প্ৰতিবেদনলৈ আঙুলিয়াই হেল্প এইজৰ মুখ্য কাৰ্যবাহী বিষয়া ৰোহিত প্ৰসাদে কয় যে, শেহতীয়াকৈ ভাৰতৰ মহানগৰসমূহত সৃষ্টি হোৱা সামাজিক পৰিস্থিতি, নিৰাপত্তাৰ অভাৱ, মূল্যবৃদ্ধি আদি বিষয়ৰ পৰিপ্ৰেক্ষিতত আমি কথাবোৰ নতুনকৈ ভাবি চোৱাৰ প্ৰয়োজন হৈছে । তেওঁৰ মতে, নিজৰ আৰ্থিক নিৰাপত্তাৰ লগতে উপাৰ্জনমুখী কামেৰে বয়োজ্যেষ্ঠসকলে সামাজকো অৰিহণা আগবঢ়াবলৈ আগুৱাই অহাতো অতি লক্ষণীয় ।
আনহাতে, প্ৰতিবেদন অনুসৰি অতি গুৰুত্বপূৰ্ণ কথাতো হ’ল, মহানগৰৰ জীৱনৰ ৫৯ শতাংশ বয়োজ্যেষ্ঠই ভাৱে যে, তেওঁলোক প্ৰাত্যহিক জীৱনত ঘৰৰ বাহিৰে ভিতৰে বিভিন্ন পৰ্যায়ত নিৰ্যাতনৰ বলি হ'ব লগা হৈছে । ইয়াৰে ১৩ শতাংশই নিজৰ সতি সন্ততি আৰু নিকট আত্মীয়ৰ দ্বাৰা ।
প্ৰতিবেদনৰ তথ্য অনুসৰি, বয়সস্থসকল তেওঁলোকৰ ল'ৰা (৩৫%), বোৱাৰী (২১ %), আন নিকট আত্মীয় (৩৫%) ৰ দ্বাৰা দুৰ্বাৱহাৰ (৫৭%), গালি-গালাজ (৩৮%), অৱহেলা (৩৩%), অৰ্থনৈতিক শোষণ (২৪%) আৰু শাৰীৰিক আক্ৰমণ (১৩%) ৰ বলি হৈছে । মন কৰিবলগীয়া যে, এনে ধৰণৰ বিষয়বোৰৰ মোকাবিলা কৰিবলৈ বয়োজ্যেষ্ঠসকলৰ হাতত আইনী সুবিধা আছে যদিও তেওঁলোকৰ ৪৬ শতাংশ ই সেই সন্দৰ্ভত অৱগত নহয় (HelpAge India Report) ।
লগতে পঢ়ক : মৰাণত লায়ন মুংগীলাল আগৰৱালা সোঁৱৰণী ৰাজহুৱা পুথিভঁৰালৰ দুৱাৰ মুকলি
এই ক্ষেত্ৰত ন্যায় প্ৰদান কৰিবলৈ ‘‘মেইনটেনেন্স এণ্ড ৱেলফেয়াৰ অৱ পেৰেন্ট এণ্ড চিনিয়ৰ চিটিজেন এক্ট ২০০৭’’ শীৰ্ষক এক আইন আছে ৷ অৱশ্যে সেই সন্দৰ্ভত সজাগতা তেনেই কম । তদুপৰি, প্ৰতিবেদন অনুসৰি গুৱাহাটীকে ধৰি দেশৰ আগশাৰীৰ মহানগৰীৰ ৮২ শতাংশ বয়োজ্যেষ্ঠই পৰিয়ালৰ লগত থাকে আৰু নিৰ্যাতিত হ'লেও বিভিন্ন কাৰণত আইনৰ সহায় লোৱাৰ পৰা বিৰত থাকে ।
উল্লেখযোগ্য যে, আজিৰ দিনটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আঙুলিয়াই দিয়া গুৰুতৰ প্ৰেক্ষাপটত 'হেল্প এইজ'ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে বিশেষ মনোযোগ দাবী কৰিছে (Helpage India reports Elderly need better healthcare)। সংস্থাটোৱে জনোৱা মতে, এই অধ্যয়নত গুৱাহাটী মহানগৰীকে ধৰি ভাৰতৰ ২২ খন মহানগৰীৰ পৰা ৪,৩৯৯ জন বয়োজ্যেষ্ঠ আৰু ২,২০০ জন পৰিচৰ্যাকাৰীৰ কথা-বতৰাৰ ভিত্তিত নমুনা সংগ্ৰহ কৰা হৈছিল ।
সংস্থাটোৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা জ্যেষ্ঠবিষয়া নিলেন্দ্ৰ টানিয়াই জনোৱা মতে, এই অধ্যয়নত গুৱাহাটী মহানগৰীৰ দিছপুৰ অঞ্চলৰ বয়োজ্যেষ্ঠ নাগৰিকক লোৱা হৈছিল । ৰাজ্যৰ ৰাজধানী দিছপুৰৰ বয়োজ্যেষ্ঠসকলে তেওঁলোকৰ অধিকাৰ আৰু সামাজিক নিৰাপত্তাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ কথা সদৰি কৰিছিল ।
লগতে পঢ়ক : যৌতুকজনিত অত্যাচাৰ ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা আদালতৰ