ETV Bharat / state

গুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Jun 12, 2021, 10:52 PM IST

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা । জিলাখনত ক'ভিড পৰিস্থিতি সঠিকভাৱে নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ তিনিটা টেষ্টিং(testing), ট্ৰেছিং(tracing) আৰু ট্ৰিটমেণ্টৰ(treatment) ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিবলৈয়ো নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷

review meeting
গুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

গুৱাহাটী, ১২ জুন: গুৱাহাটী মহানগৰীৰ ক'ভিড(covid) পৰিস্থিতি সন্দৰ্ভত শনিবাৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠকত মিলিত হয় । বৈঠকত মহানগৰ জিলাখনৰ ক'ভিড ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয় । ইতিমধ্যে জিলাখনত ক'ভিড পৰিস্থিতি সঠিকভাৱে নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ তিনিটা টেষ্টিং(testing), ট্ৰেছিং(tracing) আৰু ট্ৰিটমেণ্টৰ(treatment) ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা, মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়, স্বাস্থ্য-শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, মহানগৰ জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশসকল, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, মহানগৰ আৰক্ষীৰ তিনিওটা মণ্ডলৰ জ্যেষ্ঠ বিষয়াসকলৰ উপৰিও তৃণমূল পৰ্যায়ৰ সেৱাত নিয়োজিত ক'ভিড প্ৰতিৰোধ অভিযানৰ অন্যতম যোদ্ধা এম পি ডব্লিউ(mpw) সকলৰ সাতগৰাকীকৈ প্ৰতিনিধি বৈঠকত উপস্থিত আছিল ।

বৈঠকত জিলাখনৰ কন্টেইমেন্ট জ'ন(containment), ক'ভিড কেয়াৰ চেণ্টাৰ(covid care centre) আদিৰ ক'ভিড পজিটিভিটীৰ হাৰ আদি বিভিন্ন দিশ সামৰি আলোচনা কৰা হয় । সমান্তৰালভাৱে জনসাধাৰণক অধিক সজাগ-সচেতন কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই । লগতে সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিবলৈয়ো নিৰ্দেশ দিয়ে । উল্লেখ্য যে বিগত কিছু দিন ধৰি গুৱাহাটী মহানগৰীত ক'ভিড আক্ৰান্তৰ হাৰ আৰু মৃত্যুৰ হাৰ ক্ৰমাৎ নিম্নগামী হৈছে । ইফালে শনিবাৰৰ পৰা প্ৰশাসনে গুৱাহাটীত বিশাল পৰিসৰত ভেকচিন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক:কৰ'ণাৰ কৰাল গ্ৰাসত টেণ্ট হাউচৰ ব্যৱসায়

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.