গুৱাহাটী,৭ জুলাই : ৰাজ্যৰ শিশুসকলক ভৱিষ্যতে প'লিঅ', জাপানীজ এনকেফেলাইটিজ (Japanese encephalitis), হেপাটাইটিছ বি, সৰু আই, ডায়েৰিয়া, নিউমোনিয়া (pneumonia), যক্ষ্মাকে(TB) ধৰি ১৩ টা ৰোগৰ পৰা সুৰক্ষিত কৰাৰ প্ৰয়াসেৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বুধবাৰৰ পৰা আৰম্ভ কৰিছে বিশেষ সাপ্তাহিক টীকাকৰণ অভিযান । বৰ্ধিত মিছন ৰামধেনু-২০২১ (Mission Ramdhenu) ৰ অধীনত ৰাজ্যজুৰি বুধবাৰৰ পৰা ১৩ জুলাইলৈ চলিব লগা 'বিশেষ টীকাকৰণ সপ্তাহ' কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই বিশেষ টীকাকৰণ কাৰ্যসূচী শুভাৰম্ভ কৰি ২ বছৰৰ তলৰ শিশুসকলক আগন্তুক সাতটা দিনত ঘৰৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা টীকাকৰণ শিবিৰলৈ নি প্ৰতিষেধক দিয়াবলৈ পিতৃ-মাতৃসকলৰ প্ৰতি অনুৰোধ জনায় ।
![Health Minister](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-hm-opening-new-vaccination-7209925_07072021182617_0707f_1625662577_1091.jpg)
একেদৰে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাকো এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । ইতিমধ্যে চলি থকা ক'ভিড প্ৰতিষেধক অভিযানৰ (Covid Vaccination Drive) সমান্তৰালকৈ এই নিয়মীয়া টীকাকৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিবলৈ স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ প্ৰকাশ কৰে । উল্লেখ্য যে স্বাস্থ্য বিভাগে চলিত ক'ভিড প্ৰতিষেধক অভিযানৰ সমান্তৰালকৈ 'বৰ্ধিত মিছন ৰামধেনু' শীৰ্ষক নিয়মীয়া সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ প্ৰায় ১.১৮ লাখ শিশুৰ লগতে গৰ্ভৱতী মহিলাক প'লিঅ', ৰোটা ভাইৰাছ, জাপানীজ এনকেফেলাইটিজ, হেপাটাইটিছ বি(Hepatitis B), সৰু আই, ৰোবেলা, নিউমোক'ক্কেল কনজুগেট ভেকছিন (PCV), টিটেনাছ, বিচিজি, পেণ্টাভেলেণ্ট, ডিপিটি, টিডি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰি লৈছে ।
![Health Minister](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-hm-opening-new-vaccination-7209925_07072021182617_0707f_1625662577_52.jpg)
ইয়াৰ বাবে বিভাগটোৱে এমাহৰ মূৰে মূৰে তিনিটা পৰ্যায়ত এই সাপ্তাহিক বিশেষ টীকাকৰণ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছে । সেই মতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বিশেষ সাপ্তাহিক টীকাকৰণ কাৰ্যসূচী ক্ৰমে ৭-১৩ আগষ্ট আৰু ৭-১৩ চেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব । ৰাজ্যৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয় হস্পিতাল, জিলা আৰু মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰকে ধৰি মুঠ ৪,৭৪১ টা উপকেন্দ্ৰত এই বিশেষ টীকাকৰণ শিবিৰৰ আয়োজন কৰা হয় ।