ETV Bharat / state

শীঘ্ৰে GMCH ত স্থাপন হ’ব জিন'মিক ছিকুয়েঞ্চিং পৰীক্ষাগাৰ - Council of Scientific and Industrial Research

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (Gauhati Medical College and Hospital)ত জিনীয় অনুক্ৰমণ পৰীক্ষাগাৰ স্থাপনৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ ৷ ভাইৰ’লজিষ্টসহ যোৰহাটৰ এনইআইএছটি পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health minister Keshab Mahanta)ৰ ৷

Health minister Keshab Mahanta
শীঘ্ৰে GMCH ত স্থাপন হ’ব জিন'মিক ছিকুয়েঞ্চিং পৰীক্ষাগাৰ
author img

By

Published : Dec 29, 2021, 10:00 PM IST

গুৱাহাটী, ২৯ ডিচেম্বৰ: ক'ভিডৰ অ’মিক্ৰণ প্ৰকাৰৰ লগতে ভৱিষ্যতে উদ্ভৱ হ’ব পৰা অন্য জটিল ভাইৰাছজনিত ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ সস্তম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ যাৰ বাবে অসমতে 'জিনীয় অনুক্ৰমণ' (জিন'মিক ছিকুয়েঞ্চিং) পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(Gauhati Medical College and Hospital)ত এটা 'জিন'মিক ছিকুয়েঞ্চিং লেবৰেটৰী' স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । এইক্ষেত্ৰত বিশেষভাৱে আগ-ভাগ লৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health minister Keshab Mahanta)ই ৷

এই পৰীক্ষাগাৰ নিৰ্মাণৰ উদ্দেশ্যে বুধবাৰে ভাইৰাছ বিশেষজ্ঞসহ স্বাস্থ্য বিভাগৰ এটা দলৰ সৈতে স্বাস্থ্যমন্ত্ৰীগৰাকী যোৰহাটস্থিত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 'নৰ্থ ইষ্ট ইন্সটিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজী' (North East Institute of Science and Technolog) চমুকৈ NEIST ৰ এডভাঞ্চড ম'লিকুলাৰ পৰীক্ষাগাৰত উপস্থিত হৈ কৰিলে পৰিদৰ্শন ৷ লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এনইআইএছটি কৰ্তৃপক্ষ আৰু বিজ্ঞানীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয় ।

Health minister Keshab Mahanta
জিন'মিক ছিকুয়েঞ্চিং লেবৰেটৰী' স্থাপনৰ পৰিকল্পনা ৰাজ্য চৰকাৰে

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, ৰাজ্যৰ আগশাৰীৰ বীজাণু বিশেষজ্ঞ (ভাইৰ’ল'জিষ্ট) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ'বায়'লজী বিভাগৰ মূৰব্বী অধ্যাপিকা ডাঃ অজন্তা শৰ্মা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাৰ সৈতে বুধবাৰে দুপৰীয়া এনইআইএছটিত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পৰীক্ষাগাৰটোৰ সঞ্চালক ড৹ জি নৰহৰি শাস্ত্ৰী আৰু গৱেষক-বিজ্ঞানীসকলৰ লগত সম্পূৰ্ণ জিন'মিক ছিকুয়েঞ্চিং কৰিব পৰা পৰীক্ষাগাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি আৰু কাৰিকৰী দিশসমূহৰ বিষয়ে বিতং আলোচনা কৰে।

এই আলোচনা কালতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এনে উচ্চস্তৰীয় জিন'মিক ছিকুয়েঞ্চিং পৰীক্ষাগাৰ (Genomic sequencing laboratory) স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰিকৰী দিশত ৰাজ্য চৰকাৰৰ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে এনইআইএছটিৰ সঞ্চালক ড৹ শাস্ত্ৰীয়ে । আনহাতে, উজনি অসমত ৰাজ্যৰ স্বাস্থ্য বিভাগক এই জিন'মিক ছিকুয়েঞ্চিঙৰ পৰীক্ষণৰ ক্ষেত্ৰত এনইআইএছটিৰ এডভাঞ্চড ম'লিকুলাৰ লেবৰেটৰীৰ ফালৰ পৰা সহযোগিতা আগবঢ়াবলৈও সন্মতি প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে । ইয়াৰ বাবে ৰাজ্য চৰকাৰেও এনইআইএছটিলৈ প্ৰয়োজনত সহায় আগবঢ়াব বুলিও সদৰি কৰে।

Health minister Keshab Mahanta
শীঘ্ৰে GMCH ত স্থাপন হ’ব জিন'মিক ছিকুয়েঞ্চিং পৰীক্ষাগাৰ

উল্লেখ্য যে, ভাৰত চৰকাৰৰ 'কাউঞ্চিল অৱ ছায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ' (Council of Scientific and Industrial Research)ৰ দ্বাৰা পৰিচালিত এনইআইএছটিৰ এডভাঞ্চড ম'লিকুলাৰ লেবৰেটৰী হৈছে সম্পূৰ্ণ জিন'মিক ছিকুয়েঞ্চিঙৰ পৰীক্ষা কৰিব পৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ পৰীক্ষাগাৰ । অসমতো অ’মিক্ৰণৰ ব্যাপক সংক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্ভাব্য অ’মিক্ৰণ আক্ৰান্তৰ নমুনাৰ সম্পূৰ্ণ জিন'মিক ছিকুয়েঞ্চিং কৰিব পৰাকৈ গুৱাহাটীত অতি শীঘ্ৰে এনে উচ্চস্তৰীয় পৰীক্ষাগাৰ স্থাপনৰ যো-যা চলাইছে ।

ইয়াৰ পাচতে স্বাস্থ্যমন্ত্ৰী মহন্তৰ নেতৃত্বত যোৱা স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় দলটোৱে এনইআইএছটিৰ সঞ্চালকৰ সৈতে এডভাঞ্চড ম'লিকুলাৰ লেবৰেটৰীটোও পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত ইয়াৰ গৱেষক তথা অনুজীৱ বিশেষজ্ঞসকলৰ সৈতেও মত বিনিময় কৰে ৷ লগতে পৰীক্ষাগাৰত ভাইৰাছৰ নমুনাৰ জিন'মিক ছিকুয়েঞ্চিঙৰ বিভিন্ন প্ৰক্ৰিয়া আৰু সংক্ৰমণৰ বিষয়ে বুজ লয় ।

স্বাস্থ্যমন্ত্ৰী মহন্তই বিগত দুবছৰত ৰাজ্যখনত ক'ভিডৰ বিৰুদ্ধে চলোৱা যুঁজৰ প্ৰতি এনইআইএছটিয়ে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে কেন্দ্ৰটোৰ শলাগ লোৱাৰ লগতে কৃতজ্ঞতাও জ্ঞাপন কৰে ।

লগতে পঢ়ক : অ’মিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.