ETV Bharat / state

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ল’ব নোৱাৰিব ইচ্ছানুসাৰে মাচুল: স্বাস্থ্যমন্ত্ৰী - স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল

শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলযোগে ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ ক’ভিডৰ ক্ষেত্রত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে এতিয়াৰে পৰা নিজৰ ইচ্ছানুসাৰে মাচুল ল’ব নোৱাৰিব । যোগান কম থকাৰ বাবে এতিয়াৰে পৰা প্ৰথম পালি কোভেক্সিনৰ বিপৰীতে দ্বিতীয় পালিহে প্ৰদান কৰা হ’ব বুলি সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

keshab mahanta pressmeet
কেশৱ মহন্তৰ সংবাদমেল
author img

By

Published : Jun 4, 2021, 10:51 PM IST

গুৱাহাটী,4 জুন : অৱশেষত ক’ভিড চিকিৎসাৰ ক্ষেত্রত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক মাচুল ধাৰ্য কৰি দিলে ৰাজ্য চৰকাৰে । ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰে হোৱা স্বাস্থ্য বিভাগৰ আলোচনাৰ যোগেদি ৰাজ্য চৰকাৰে এই মাচুল ধাৰ্য কৰিছে । শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত আয়োজন কৰা এক সংবাদমেলযোগে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ক্ষেত্রত ধাৰ্য কৰা নিৰিখৰ কথা সদৰি কৰে । ক’ভিডৰ ক্ষেত্রত এতিয়াৰে পৰা নিজৰ খেয়াল-খুচিৰে মাচুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ।

কেশৱ মহন্তৰ সংবাদমেল

সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ব্যক্তিগত খণ্ডৰ সাধাৰণ হাস্পতাল আৰু চুপাৰস্পেচিয়েলিটি হাস্পতালৰ ক্ষেত্ৰত ধাৰ্য কৰা মাচুলৰ প্ৰসংগত কয়, "চুপাৰস্পেচিয়েলিটি হাস্পতালৰ ক্ষেত্ৰত জেনেৰেল ৱাৰ্ডত প্ৰতিদিনে 5,000 টকা আৰু সাধাৰণ হাস্পতালৰ ক্ষেত্ৰত 4,000 টকাকৈ ল’ব পাৰিব । ঠিক সেইদৰে কেবিনৰ ক্ষেত্ৰত প্ৰতিদিনে সৰ্বাধিক চুপাৰস্পেচিয়েলিটি হাস্পতালে 6,500 টকা আৰু জেনেৰেল হাস্পতালে 5,000 টকাকৈ ল’ব পাৰিব" ।

আনহাতে ভেণ্টিলেটৰ নথকা আইচইউৰ ক্ষেত্রত চুপাৰস্পেচিয়েলিটি হাস্পতালে 10 হাজাৰ টকা আৰু জেনেৰেল হাস্পতালত 9,000 টকা ল’ব পাৰিব । ভেণ্টিলেটৰ থকা আইচিইউৰ ক্ষেত্রত চুপাৰস্পেচিয়েলিটি হাস্পতালে প্ৰতিদিনে 15 হাজাৰ টকা আৰু জেনেৰেল হাস্পতালে 12 হাজাৰ টকা ল’ব পাৰিব । এই নিৰিখৰ ভিতৰত পঞ্জীয়ন মাচুল, বিচনাৰ মাচুল, খাদ্যৰ খৰচ, নাৰ্চিং চাৰ্জ, কনচালটেণ্ট চাৰ্জ, আৰ এম অ’, এন্সথেচিছ, চাৰ্জন, অক্সিজেনৰ খৰচ, পিপিই কীট আৰু ঔষধ-পাতি, বিভিন্ন সাধাৰণ পৰীক্ষা-নিৰীক্ষা ইত্যাদি অন্তৰ্ভূক্ত হ’ব ।

অৱশ্যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ক’ভিড আক্ৰান্ত ৰোগীৰ অন্য ৰোগৰ চিকিৎসাৰ ক্ষেত্রত পৃথকে মাচুল ল’ব পাৰিব । তদুপৰি বিভিন্ন উচ্চ পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্রত মাচুল ল’ব পাৰিব । এই সন্দৰ্ভত স্বাস্থ্য বিভাগে জাননী জাৰি কৰিব । স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয়, ‘‘এতিয়াৰে পৰা ক’ভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ অধিক হ্ৰাস কৰাৰ বাবে অন্যান্য জটিল ৰোগত ভুগি থকা যিকোনো বয়সৰ ক’ভিড ৰোগীক প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন তথা ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হ’ব । তেনে লোকৰ বাবে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা নাথাকিব’’ ।

আনহাতে ক’ভিডৰ সম্ভাৱনীয় তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি শিশুৰ বাবে ৰাজ্যৰ সাতখন মেডিকেল কলেজত 320 খন বিচনাৰ আৰু জিলা হাস্পতালসমূহত 250 খন বিচনাৰ পেডিয়েত্ৰীক আইচিইউৰ ব্যৱস্থা কৰা হ’ব । শিশুসকলৰ এই ক’ভিড আইচিইউ এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব । ভেকচিনৰ প্ৰসংগত মন্ত্রীগৰাকীয়ে কয় যে, দৈনিক 70 হাজাৰ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, নতুনকৈ কেন্দ্ৰীয় চৰকাৰে 25 শতাংশ ভেকচিন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক দিব । এই ভেকচিনৰ ব্যৱহাৰৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ইচ্ছা কৰিলে আমাৰ পৰা ঋণ ল’ব পাৰিব । ভেকচিন ক্ৰয়ৰ বাবে স্বাস্থ্য বিভাগে তিনিমাহৰ বাবে সুতবিহীন ঋণ দিবলৈ প্ৰস্তুত আছো । ইফালে বয়সস্থ, শাৰীৰিকভাৱে অসুবিধা থকা, বিশেষভাৱে সক্ষম নাইবা ঘৰৰ বাহিৰলৈ গৈ ভেকচিন লোৱাত অসুবিধা থকা লোকৰ বাবে চৰকাৰে ঘৰতে ভেকচিন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যোগান কম থকাৰ বাবে এতিয়াৰে পৰা কোভেক্সিনৰ প্ৰথম পালি আৰু দিয়া নহ’ব । দ্বিতীয় পালিহে প্ৰদান কৰা হ’ব ।

ইয়াৰ বাবে ডেৰ লাখ ড’জৰ প্ৰয়োজন হ’ব আৰু এসপ্তাহৰ ভিতৰত 50 হাজাৰ ড’জ লাভ কৰিব । বৰ্তমান ক’ভিশ্বীল্ডৰ 3.2 লাখ ড’জ আৰু কোভেক্সিনৰ 20 হাজাৰ ড’জ মজুত আছে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে ক’ভিশ্বীল্ড 315 টকা আৰু কোভেক্সিন 420 টকা দৰত ক্ৰয় কৰে । ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ হাস্পতালে দুগুণ মূল্যত ক্ৰয় কৰিব লাগে ।

লগতে পঢ়ক : কাৰাগাৰতেই উত্তৰ-পূব সম্বন্ধে জ্ঞান প্ৰদান ইউটিউবাৰ পাৰশক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.