গুৱাহাটী,৬ জুন: ক'ভিডৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশৰে যুঁজি থকা ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্ভাব্য তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া প্ৰতিৰোধৰ প্ৰস্তুতি আৰম্ভ কৰিছে । আনহাতে নীতি আয়োগেও(niti aayog) এইক্ষেত্রত সৰ্তকবাণী শুনাইছে । জনসাধাৰণ সজাগ-সচেতন নহ'লে কালান্তক কৰ'ণাৰ(Corona) তৃতীয় জোৱাৰে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সকীয়নি দিছে নীতি আয়োগে ।
![third wave](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-health-department-prepared-third-wave-7209925_06062021123102_0606f_1622962862_103.jpg)
উল্লেখযোগ্য বিষয় যে, কৰ'ণাৰ তৃতীয় জোৱাৰত শিশুসকল বিশেষভাৱে আক্ৰান্ত হোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে । এনে পৰিস্থিতিত শিশুসকলক সংক্রমণৰ পৰা প্রতিৰোধ কৰি ৰখাৰ লগতে চিকিৎসাৰ ক্ষেত্রত বিশেষ পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে । সাম্ভাব্য এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগে শিশুৰ বাবে বিশেষ আইচিইউ(ICU) স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি এইক্ষেত্রত কাম আৰম্ভ কৰিছে ।
![third wave](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-health-department-prepared-third-wave-7209925_06062021123102_0606f_1622962862_614.jpg)
ইতিমধ্যে ক'ভিডৰ তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰস্তুতি আৰম্ভ কৰা বুলি স্বয়ং স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সদৰী কৰিছে । ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি শিশুসকলৰ স্বাস্থ্যৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে । শিশুসকলৰ বাবে সাতখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিশেষ আইচিইউ স্থাপনৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে । সমান্তৰালভাৱে জিলা চিকিৎসালয়সমূহতো ১০ খন আইচিইউযুক্ত বিচনাৰে শিশুৰ চিকিৎসাৰ ক্ষেত্রত বিশেষ পদক্ষেপ লোৱা হৈছে ।
![third wave](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-health-department-prepared-third-wave-7209925_06062021123102_0606f_1622962862_278.jpeg)
স্বাস্থ্য বিভাগৰ তথ্য মতে বিভাগে সাতখন চিকিৎসা মহাবিদ্যালয়ত মুঠ ৩২০ খন আইচিইউ বিচনা সাজু কৰিব ৷ ইয়াৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(SMCH)ত ৪০ খন, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত(JMCH) ৩০ খন, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত(AMCH) ৪০ খন, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত(BFAAMCH) ৩০ খন, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(TMCH)ত ৩০ খন, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(LMCH)ত ৩০ খন আৰু ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল(DMCH)ত ৩০ খন বিচনা সাজু কৰা হৈছে ৷
![third wave](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-health-department-prepared-third-wave-7209925_06062021123102_0606f_1622962862_244.jpg)
সমান্তৰালভাৱে প্রতিখন জিলা চিকিৎসালয়ত ১০ খনকৈ মুঠ ২৫০ খন আইচিইউ বিচনা সাজু কৰা হ’ব । এমাহৰ ভিতৰত এই আইচিইউ বিচনাসমূহ সাজু হৈ উঠিব । উল্লেখ যে ভেকচিন(Vaccine) প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ক'ভিডৰ তৃতীয় জোৱাৰ অহাৰ আশংকা কৰা হৈছে ।
লগতে পঢ়ক: ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ’ণা ভাইৰাছ(corona virus)ৰ শেহতীয়া তথ্য়