ETV Bharat / state

বাঘজানবাসীক ক্ষতিপূৰণৰ দাবীত মহানগৰীত অৰ্ধ-উলংগ প্ৰতিবাদ

author img

By

Published : Oct 20, 2020, 7:06 PM IST

বাঘজানবাসীৰ ক্ষতিপূৰণৰ দাবীত মহানগৰীত অৰ্ধ উলংগ প্ৰতিবাদ ৷ তৎকালীনভাৱে ক্ষতিগ্রস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে এলার্ট কোম্পানীৰ পৰিৱৰ্তে দক্ষ বিশেষজ্ঞৰ জৰিয়তে জুই নির্বাপনৰ দাবী ৷

Half-naked protest in Guwahati
বাঘজানবাসীক ক্ষতিপূৰণৰ দাবীত মহানগৰীত অৰ্ধ-উলংগ প্ৰতিবাদ

গুৱাহাটী, 20 অক্টোবৰ : বাঘজানৰ জুইয়ে সৰ্বহাৰা কৰা বাঘজানবাসীৰ ক্ষতিপূৰণৰ দাবীত সোমবাৰৰ পৰা বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত মহানগৰীৰ চচলস্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলীত বাঘজানবাসীয়ে তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীৰ দ্বিতীয় দিন মঙলবাৰেও প্ৰতিবাদকাৰীসকলে অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

মঙলবাৰৰ কাৰ্যসূচীত বাঘজানবাসীক সংগ দিয়ে দিয়ে অসম গণ মৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰে । বাঘজান কাণ্ডই 146 দিন অতিক্রম কৰাৰ পিচতো জুই নির্বাপন কৰিব নোৱাৰাৰ লগতে বাঘজানবাসী ৰাইজে আজি পৰ্যন্ত উচিত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ ৷ লগতে বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘই পূর্বৰ পৰা কৰি অহা দাবী সমূহৰ উপৰিও মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা প্রতিশ্রুতি সমূহো আজি পর্যন্ত কার্যকৰী নোহোৱাৰ অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংঘৰ সদস্য সকলে ।

অতিশীঘ্ৰে বাঘজান BGR-5 নম্বৰৰ তৈল খাদৰ জুই নির্বাপন কৰা, তৎকালীনভাৱে ক্ষতিগ্রস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা আৰু ইয়াৰ লগতে এলার্ট কোম্পানীৰ পৰিৱৰ্তে দক্ষ বিশেষজ্ঞৰ জৰিয়তে জুই নির্বাপনৰ ব্যৱস্থা কৰাৰ দাবীৰে সোমবাৰৰ পৰা প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

লগতে পঢ়ক : ২ নৱেম্বৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা তিনিচুকীয়া জিলা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.