ETV Bharat / state

বুলবুলি যুঁজ অবিহনে হাজোবাসীয়ে পালন কৰিলে হেঁপাহৰ ভোগালী

author img

By

Published : Jan 15, 2021, 9:19 PM IST

Updated : Jan 15, 2021, 10:36 PM IST

মাঘ বিহুৰ দিনটোত চকুত চকুলো লৈ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা উভতিল ভক্ত ৷ কাৰণ বিগত পাঁচ বছৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি হাজোত অনুষ্ঠিত হোৱা নাই বুলবুলি চৰাইৰ যুঁজ ৷ অতীজৰে পৰা প্ৰচলিত হৈ অহা বুলবুলিৰ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰি বিচলিত হৈ পৰিছে হাজোবাসী ৰাইজ ৷ চৰাইবিধৰ কোনো হানি বিঘিনি নোহোৱাকৈ অনুষ্ঠিত হোৱা এই খেল পুনৰ আৰম্ভ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ ৷

বুলবুলি চৰাইৰ যুঁজ অবিহনে হাজোবাসীয়ে পালন কৰিলে হেঁপাহৰ ভোগালী

কামৰূপ,15 জানুৱাৰী: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি ক্ৰমে বিগত পাঁচ বছৰে বুলবুলি চৰাইৰ যুঁজ অবিহনে মাঘ বিহু উদযাপন কৰি অহা হাজোবাসীয়ে এইবাৰো বুলবুলি যুঁজ অবিহনে হেঁপাহৰ ভোগালী উদযাপন কৰা পৰিলক্ষিত হ'ল ৷ অৱশ্যে,উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বুলবুলিৰ যুঁজ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিলেও সাতামপুৰুষীয়া ঐতিহ্য সংস্কৃতি ধৰি ৰাখিবলৈ অসমৰ্থ হোৱাৰ বেথাই স্বাভাৱিকতে হাজোবাসীৰ মনত যথেষ্ট কষ্ট দিয়া দেখা গৈছে ৷

প্ৰচলিত তথ্য অনুসৰি আহোম ৰজা প্ৰমত্ত সিংহৰ দিনতেই আৰম্ভ হৈছিল অসমীয়া ঐতিহ্য সংস্কৃতিৰ অন্যতম বাহক বুলবুলিৰ যুঁজ ৷ হাজোবাসীৰ আবেগ আৰু স্বাভিমানৰ অন্যতম পৰিচায়ক বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত নোহোৱাৰ ফলত বহু ভক্তকে এইবাৰ বিহুত দুখ মনেৰে মাধৱ মন্দিৰ প্ৰাংগনৰ পৰা উভতি অহা দেখিবলৈ পোৱা গ'ল ৷

উল্লেখ্য যে এক সুকীয়া ঐতিহ্য বহন কৰি অহা হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে এক নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে বিগত পাঁচ বছৰে মাধৱ মন্দিৰ প্ৰাংগণত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হোৱা নাই ৷ অতীজৰে পৰা প্ৰচলিত হৈ অহা বুলবুলিৰ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰি বিচলিত হৈ পৰা ৰাইজে এতিয়া চৰকাৰক পুনৰ বুলবুলিৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ৷

স্থানীয় ৰাইজৰ মতে বুলবুলি চৰাইৰ যুঁজত চৰাইবিধক কোনো ধৰণৰ কষ্ট দিয়া নহয়, আৰু যুঁজৰ অন্তত সিঁহতক পুনৰ হাবিত এৰি দিয়া হয় ৷ এনেক্ষেত্ৰত অতীজৰে পৰা চলি অহা এই পৰম্পৰাই বুলবুলি চৰাইৰ অস্তিত্বৰ ক্ষেত্ৰত কোনো বিৰূপ প্ৰভাৱ নেপেলাই বুলি স্থানীয় ৰাইজে দাবী কৰে ৷ স্থানীয় লোকে জনোৱা মতে হাজোত বুলবুলি চৰাইৰ যুঁজ বন্ধ হোৱাৰ পাছতে লক্ষণীয় ভাৱে ঠাইখনলৈ চৰাইৰ আগমণো পূৰ্বৰ তুলনাত কমি আহিছে ৷

মন কৰিব লগীয়া যে তামিলনাডুৰ তামিল সকলৰ পৰম্পৰাগত ক্ৰীড়া জালিকাট্টু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে এক নিষেধাজ্ঞা প্ৰদান কৰাৰ পাছতে সমগ্ৰ তামিলনাডু প্ৰতিবাদমুখৰ হৈ উঠিছিল ৷ তামিল ৰাইজৰ প্ৰতিবাদৰ পাছতে ন্যায়ালয়ে জালিকাট্টু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই লৈছিল ৷ এনে ক্ষেত্ৰত বুলবুলি চৰাইবিধৰ কোনো হানি বিঘিনি নোহোৱাকৈ অনুষ্ঠিত কৰা পৰম্পৰাৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ বাবেও হাজোৰ স্থানীয় ৰাইজ অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে ৷ স্থানীয় ৰাইজৰ মতে যদিওবা এই পৰম্পৰাত যুঁজ শব্দটো জড়িত হৈ আছে প্ৰকৃতাৰ্থত এইয়া এক খেলহে ৷

উল্লেখ্য যে এইবছৰো 1992 চনৰ পৰা হাজো আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত চলি অহা মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা এইবাৰো অনুষ্ঠিত হয় ৷ চলিত বৰ্ষত 28 সংখ্যক বৰ্ষত ভৰি দিয়া সমন্বয় শোভাযাত্ৰাত অসমীয়া জাতি জনগোষ্ঠীৰ ভিন্ন সাজ পাৰৰ লগতে থলুৱা নৃত্যৰ সমাহাৰ হোৱা দেখিবলৈ পোৱা গ'ল ৷ পঞ্চতীৰ্থৰ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পোৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম তফিকৰ হুছেইনে আছুৰ পতাকা আদান-প্ৰদানেৰে বিশাল সমন্বয়ৰ শোভাযাত্ৰা মুকলি কৰে ৷

লগতে পঢ়ক:পহিলা মাঘৰ দিনাই উদুলি-মুদুলি ৰংঘৰৰ পদুলি

Last Updated : Jan 15, 2021, 10:36 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.