গুৱাহাটী,২৭ ফেব্ৰুৱাৰীঃ শনিবাৰে আন এক ৰাজনৈতিক উৎকন্ঠাৰ অন্ত পৰিল ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চামিল হ'ব কংগ্ৰেছ, এ আই ইউ ডি এফ, বাওঁদলেৰে গঠিত "মহাজোঁট"ত ৷ শনিবাৰে নিশা টুইটযোগে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
তদুপৰি মহিলাৰীয়ে নিজৰ টুইটত উল্লেখ কৰি কয়, এতিয়াৰে পৰা আৰু বিজেপিৰ সৈতে কোনো ধৰণৰ সম্পৰ্কও নাথাকিব বিপিএফৰ ৷ লক্ষণীয় বিষয় যে, হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ দলৰ এনে সিদ্ধান্তই স্বাভাৱিকতে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত নিশ্চিতভাবে এক নতুন সমীকৰণৰ সৃষ্টি কৰিব ।
লগতে পঢ়কঃ নিৰ্বাচনী অধিসূচনা জাৰি : বেনাৰ আৰু পোষ্টাৰ আঁতৰোৱাত ব্যস্ত প্ৰশাসন