গুৱাহাটী,২৪জুলাই: এন আৰ চি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীৰ প্ৰতিক্ৰিয়া । অধিবক্তা গৰাকীয়ে এন আৰ চি সম্পৰ্কত মন্তব্য কৰে যে বানপানীৰ ফলত ৰাজ্যত বিভিন্ন প্ৰান্তত এন আৰ চি কাৰ্যালয় সমুহ ক্ষতিগ্ৰস্ত হৈছে যাৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চি প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দিছিল । উক্ত আবেদনৰ ভিত্তিত ৩১ জুলাইৰ পৰিৱৰ্তে ৩১ আগষ্ট লৈ বৃদ্ধি কৰা হৈছে এন আৰ চিৰ চূড়ান্ত প্ৰকাশৰ সময় । লগতে তেঁও মন্তব্য কৰে যে এই সময়ছোৱাত নতুনকৈ কোনোধৰণৰ পুনৰীক্ষণৰ কাম কৰা নহয় । মাথো বিভাগৰ আভ্যন্তৰীণ কাম-কাজ খিনিহে কৰা হব ।
ইয়াৰ উপৰিও এন আৰ চি বিষয় প্ৰক্ৰিয়াটোত কিছু খেলিমেলি হৈ থকাৰ অভিযোগ তুলি তেঁও মন্তব্য কৰে যে এন আৰ চিত কিছুমান লোকৰ নাম থকা স্বত্বেও এটা বিশেষ সম্প্ৰদায়ৰ লোকক হাৰাশাস্তিৰ সন্মুখীন কৰা হৈছে । গতিকে এই বিষয়টোৰ সন্দৰ্ভত প্ৰতীক হাজেলাই যাতে ভালদৰে পৰ্যবেক্ষণ কৰে তাৰ বাবে অনুৰোধ জনাই জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীয়ে ।