গুৱাহাটী,27মে': দেশৰ লগতে সমগ্ৰ ৰাজ্যতে অব্যাহত আছে লক ডাউন ৷ লক ডাউনৰ ফলত অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতি হৈছে বিভিন্ন ক্ষেত্ৰ ৷ লক ডাউনে সংকট মাতি আনিছে এতিয়া ৰাজ্যৰ জিমসমূহলৈও ৷ কাৰণ লক ডাউনৰ ফলত প্ৰায় দুমাহ ধৰি বন্ধ হৈ আছে জিমসমূহ ৷ যাৰ ফলত আৰ্থিকবাৱে জুৰুলা হৈ পৰাৰ লগতে পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে জিমৰ মালিকপক্ষ ৷
এই সমগ্ৰ বিষয় সম্পৰ্কে ই টিভি ভাৰতৰ সাংবাদিকৰ আগত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গুৱাহাটীস্থিত RAW জিমৰ স্বত্বাধিকাৰী তথা এথলিট অচ্যুৎ কলিতাই ৷তেওঁ জানিবলৈ দিয়া মতে, লক ডাউনৰ ফলত জিমত নিয়োজিত কৰ্মচাৰীক বকেয়া দিয়াৰ পৰা জিমৰ ৰুমৰ ভাড়া দিয়ালৈকে সৃষ্টি হৈছে অসুবিধাৰ ৷ ইয়াৰ লগতে বেংকৰ ঋণৰ EMI দিবলৈ অসুবিধা হোৱাৰ কথাও জানিবলৈ দিয়ে এথলিট অচ্যুৎ কলিতাই ৷
উল্লেখযোগ্য যে অসমত প্ৰায় ১৫ হাজাৰৰ পৰা ১৬ হাজাৰ জিম আছে। য'ত গুৱাহাটীতে আছে প্ৰায় ৩০০ টা জিম। গুৱাহাটীৰ ৩০০ টা জিমত নিয়োজিত হৈ আছে তিনি হাজাৰৰ পৰা চাৰি হাজাৰ লোক।