ETV Bharat / state

ক’ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মহানগৰীৰত মহাষ্টমীৰ পূজা সম্পন্ন

বৈদিক ৰীতি নীতিৰে ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে দুৰ্গতিনাশিনীৰ পূজা ৷ কোনো আড়ম্বৰতা অথবা জাকজমকতা নোহোৱাকৈয়ে অতি সাধাৰণভাৱে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে কৰা হৈছে দেৱী দশভূজাৰ বন্দনা ৷ কৰ'ণা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে আৰোপ কৰা কেতবোৰ বাধা নিষেধৰ বাবে অধিকাংশ পূজা সমিতিয়েই এইবাৰ আয়োজন নকৰিলে পূজা ৷

author img

By

Published : Oct 24, 2020, 7:43 PM IST

guwahtai durga puja celebrations during covid-19
ক’ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মহানগৰীৰত মহাষ্টমীৰ পূজা সম্পন্ন

গুৱাহাটী,24অক্টোবৰঃ আজি মহাষ্টমী ৷ মহাষ্টমী উপলক্ষে মহানগৰীৰ প্ৰতিখন পূজা মন্দপতে ভক্তগণৰ আশানুৰূপ উপস্থিতি পৰিলক্ষিত হ’ল ৷ দেৱী মহিষমৰ্দিনীৰ ওচৰত সেৱা আগবঢ়াই আশীষধন্য হ’বলৈ প্ৰতিখন পূজা মণ্ডপতেই দেখা গ’ল ভক্তৰ লানি নিচিঙা ভীৰ ৷ মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ত মহাষ্টমী উপলক্ষে পুৱাৰে পৰা ভক্তৰ অভূতপূৰ্ব সমাগম দেখা পোৱা গ’ল ৷ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ক’ভিডৰ কঠোৰ নীতি নিয়মৰ মাজেৰে উগ্ৰতাৰা দেৱালয় কৰ্তৃপক্ষই এইবাৰ সম্পন্ন কৰিছে পূজা ৷ দেৱালয়ৰ মূল প্ৰৱেশ পথতেই দেৱালয় কৰ্তৃপক্ষই ভক্তসকলৰ বাবে থাৰ্মেল স্কেনিঙৰ লগতে মাস্ক আৰু চেনিটাইজাৰ ব্যৱস্থা কৰিছে ৷

ইয়াৰোপৰি পূৰ্বৰ দৰে এইবাৰ উগ্ৰতাৰা দেৱালয়ত দেখা নাযাব কোনো বিশেষ বলী বিধান ৷ মাত্ৰ দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা নৱমীৰ দিনা এটা ম’হ বলী দিয়াৰ লগতে ৰাজ্যবাসীৰ মংগল কামনা কৰি আন পাঁচবিধ বলী যেনে কোমোৰা, কচু, হাঁহ, ছাগলী আৰু পা’ৰ আদিৰ বলী সম্পন্ন কৰিব ৷ মহানগৰীৰ আন এখন পূজা সমিতি দ্বাৰকা নগৰ হৰিমন্দিৰ ৷ দ্বাৰকানগৰ হৰিমন্দিৰ কৰ্তৃপক্ষই স্থায়ী মণ্ডপত অতি গাম্ভীৰ্যপূৰ্ণ ভাৱে সমাপন কৰিছে পূজা ৷

আনহাতে ঐতিহাসিক বেলতলা লক্ষ্মী মন্দিৰত মহিষ মৰ্দিনীৰ স্তুতি বন্দনাৰ লগতে শুকনানী ওজাপালি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ সম্পূৰ্ণ ক’ভিডৰ নীতি নিয়মৰ মাজেৰে মন্দিৰ সমিতিয়ে আয়োজন কৰিছে পূজা ৷

ইপিনে হেঙেৰাবাৰী পূজা সমিতিয়ে এইবাৰ মাত্ৰ সিমিত বাজেটেৰে আধ্যাত্মিকতাৰে সম্পন্ন কৰিছে দেৱী দশভূজাৰ পূজা ৷ জাকজমকতা আৰু প্ৰতিমাৰ পৰিৱৰ্তে মাত্ৰ দেৱীৰ ফটো সম্বলিত এখন বেনাৰৰ তলত পূজা অৰ্চনা কৰিছে ভক্তগণে ৷

লগতে পঢ়কঃ বিজেপিৰ নতুন সমীকৰণ: প্ৰাৰ্থিত্বৰ বাবে সংখ্যালঘু নেতাৰ তালিকা সাজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.