ETV Bharat / state

১ জানুৱাৰীৰ পৰা বিদ্যালয় খোলাৰ সিদ্ধান্তৰ বিৰোধিতা গুৱাহাটী যুৱ নাগৰিক সমিতিৰ - সভাপতি কৈলাশ শৰ্মা

বিদ্যালয় খোলাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা গুৱাহাটী যুৱ নাগৰিক সমিতিৰ । কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে বিদ্যালয় বন্ধ ৰাখিবলৈ চৰকাৰক দাবী জনাইছে যুৱ নাগৰিক সমিতিয়ে । ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান সভাপতি কৈলাশ শৰ্মাৰ ।

পহিলা জানুৱাৰীৰ পৰা বিদ্যালয় খোলাৰ সিদ্ধান্তৰ বিৰোধিতা গুৱাহাটী যুৱ নাগৰিক সমিতিৰ

author img

By

Published : Dec 25, 2020, 6:56 PM IST

গুৱাহাটী, ২৫ ডিচেম্বৰ: কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা বিদ্যালয়সমূহ অহা ১ জানুৱাৰীৰ পৰা খোলাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । কিন্তু এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে গুৱাহাটী যুৱ নাগৰিক সমিতিয়ে । সমিতিৰ মতে, বৰ্তমান সমগ্ৰ বিশ্বতে COVID-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে ইংলেণ্ডত নতুনকৈ কৰ'ণা ভাইৰাছৰ আন এক পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে ।

পূৰ্বৰে পৰা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকা ভাৰতত ইতিমধ্যে লণ্ডনৰ পৰা অহা লোকৰ দেহত ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । শেহতীয়াকৈ চেন্নাইত লণ্ডনৰ পৰা অহা এজন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে । আনহাতে, লণ্ডনৰ পৰা অলপতে আহি যোৰহাটত উপস্থিত হোৱা এগৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে ভাইৰাছৰ উপস্থিতি ।

সেই ব্যক্তিজনৰ পৰা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ ফলত আন এজন ব্যক্তি মহামাৰীত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । গুৱাহাটী যুৱ নাগৰিক সমিতিৰ সভাপতি কৈলাশ শৰ্মাই কয় যে, বৰ্তমান এই নতুন পৰ্যায়ৰ সংক্ৰমণ সৃষ্টিকাৰী ভাইৰাছবিধ পূৰ্বতকৈ প্ৰায় ৭০ গুণৰো‌ অধিক শক্তিশালী ।

তেনেস্থলত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ১ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ প্ৰাথমিক শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলো শিক্ষানুষ্ঠান খোলাৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে গুৱাহাটী যুৱ নাগৰিক সমিতিয়ে । এনে সিন্ধান্ত গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ চৰকাৰলৈ আহ্বান জনায় গুৱাহাটী যুৱ নাগৰিক সমিতিৰ সভাপতি তথা বিশিষ্ট বিশ্লেষক কৈলাশ শৰ্মাই ।

লগতে পঢ়ক:কৃষক আন্দোলনক 'ৰাজনীতি' আখ্যা কুইন ওজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.