ETV Bharat / state

অনলাইন এপৰ প্ৰৱঞ্চনাত সৰ্বস্বান্ত গুৱাহাটীৰ মহিলা

আপুনি অনলাইনত কাপোৰ ক্ৰয় কৰে নেকি ? যদি কৰে তেন্তে এতিয়াৰ পৰা সাৱধান হওঁক (Beware of online trading)। কিয়নো অনলাইনত লেনদেন কৰি এগৰাকী যুৱতীয়ে নিজ একাউণ্টৰ পৰা হেৰুৱালে ১,০৯,৭৫৩ টকা । এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ সাতগাঁৱত ।

Guwahati
অনলাইন এপৰ প্ৰৱঞ্চনাত সৰ্বস্বান্ত গুৱাহাটীৰ মহিলা
author img

By

Published : Aug 21, 2022, 6:18 PM IST

গুৱাহাটী,২১ আগষ্ট : বৰ্তমান সময়ত প্ৰায় সংখ্যক মানুহেই গুগলত উপলব্ধ বিভিন্ন এপৰ জৰিয়তে অনলাইন মাধ্যমত বিভিন্ন বস্তু ক্ৰয় কৰে । কিন্তু কিমান সুৰক্ষিত এই এপবোৰ ? এইবাৰ তেনে এক এপৰ জালত পৰি গাঁঠিৰ ধন হেৰুৱাব লগীয়া হ'ল এগৰাকী যুৱতীয়ে (Guwahati woman duped by an online app)।

অভিযোগ অনুসৰি মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত প্ৰগতি নগৰৰ হীৰা তালুকদাৰ ৰয়ৰ জীয়ৰী অংকিতা ৰয়ে কিছুদিন পূৰ্বে URBANIC নামৰ এটা অনলাইন এপত জিন্স পেন্ট ক্ৰয় কৰিছিল । কিন্তু ক্ৰয় কৰাৰ পাছত জিন্স পেন্টটো মনপছন্দ নোহোৱাত তেওঁ পুনৰ ঘূৰাই দিছিল URBANIC অনলাইন প্ৰতিষ্ঠানটোক । প্ৰতিষ্ঠানটোৱে জিন্স পেন্টটো ক্ৰয় কৰাৰ বাবদ অংকিতা ৰয়ে পৰিশোধ কৰা ধন ৰাখি অনলাইন মাধ্যমৰ জৰিয়তে উভতাই দিয়া বা ৰিফাণ্ড কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

অনলাইন এপৰ প্ৰৱঞ্চনাত সৰ্বস্বান্ত গুৱাহাটীৰ মহিলা

কিন্তু বহুদিন ধৰি URBANIC অনলাইন এপ কৰ্তৃপক্ষই অংকিতা ৰয়ৰ ধন ঘূৰাই নিদিয়াত অংকিতা ৰয়ে গুগলত URBANIC এপটোত উপলব্ধ হেল্প লাইন নম্বৰ 77658-91155ত ফোন কৰাত এগৰাকী ব্যক্তিয়ে 78469-83607 নম্বৰলৈ ফোন কৰি সুনিল সিং নামৰ এগৰাকী ব্যক্তিৰ লগত কথা পতাই দিয়ে । ইয়াৰ পিছতেই ব্যক্তিজনে অংকিতা ৰয়ক অনলাইনৰ জৰিয়তে জিন্স পেন্টটোৰ ধন ঘূৰাই দিব বুলি অংকিতা ৰয়ৰ পৰা বেংকৰ একাউণ্টৰ লগতে এটিএমৰ সকলো তথ্য সংগ্ৰহ কৰে ।

তথ্য সংগ্ৰহ কৰাৰ পিছতেই URBANIC অনলাইন এপ কৰ্তৃপক্ষই পাঁচ বাৰত মুঠ ১,০৯,৭৫৩ টকা প্ৰৱঞ্চনা কৰি যুৱতীগৰাকীৰ পৰা লুটি নিয়ে (Woman duped by URBANIC online app)। এই কথা গম পোৱাৰ লগে লগে ভুক্তভোগী অংকিতা ৰয়ে সাতগাঁও আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

কিন্তু ভুক্তভোগী অংকিতা ৰয়ে অনলাইনযোগে হেৰুওৱা ধন ঘূৰাই পাবনে ? URBANIC অনলাইন প্ৰতিষ্ঠানটোৰ এনে প্ৰৱঞ্চনাৰ বলি আৰু কোনোবা হৈছে নেকি ? সেয়ে আপুনিও এনেধৰণৰ প্ৰৱঞ্চনাৰ জাল পেলোৱা অনলাইন এপৰ পৰা সাৱধান হওঁক ।

লগতে পঢ়ক :ৰাজ্যত ছমাহত সংঘটিত হৈছে ৪৯৬ টা হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.