ETV Bharat / state

ৰাজপথলৈ চোঁচোৰাই নি মহিলাৰ ডিঙিৰ চেইন কাঢ়িলে চিলনী চোৰে

author img

By

Published : Nov 8, 2020, 8:47 PM IST

দেওবাৰে সন্ধিয়া মহানগৰীৰ কামাখ্যা গেটত চিলনী চোৰৰ সন্ত্ৰাস ৷ ৰাজপথলৈ এগৰাকী মহিলাক চোঁচোৰাই নি ডিঙিৰ চেইন কাঢ়ি নিয়ে বাইকত অহা দুই চিলনী চোৰে ৷ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ ৷

guwahati snatching case
মহিলাৰ ডিঙিৰ চেইন কাঢ়িলে চিলনী চোৰে

গুৱাহাটী,8 নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ কামাখ্যা গেটত দেওবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এক চুৰিকাণ্ড ৷ এগৰাকী মহিলাক ৰাজপথলৈ চোঁচোৰাই নি কাঢ়ি নিলে ডিঙিৰ চেইন । বাইকত অহা দুই চিলনী চোৰে কাঢ়ি নিয়ে চেইনডাল ৷

মহিলাৰ ডিঙিৰ চেইন কাঢ়িলে চিলনী চোৰে

আঘাতপ্ৰাপ্ত মহিলাগৰাকী সংগীতা আগৰৱালা বুলি জানিব পৰা গৈছে । লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে ৷ নম্বৰ প্লেট বিহীন বাইকত অহা চোৰ দুটাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ।

উল্লেখ্য যে,শেহতীয়াকৈ মালিগাঁও-কামাখ্যা গেটত যথেষ্ট পৰিমাণে চুৰি-ডকাইতিৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷

লগতে পঢ়ক : ভণ্ড সাধুৱে লুটিলে সোণৰ অলংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.