ETV Bharat / state

22 ডিচেম্বৰৰ পৰা SFI ৰ ৰাজ্যজুৰি ছাত্ৰ যুৱ বিক্ষোভ - উদ্যোগ সমূহ পুনৰুজ্জীৱিত

ব্যাপক কৰ্মসংস্থাপন সৃষ্টিৰ দাবীত ২২ ডিচেম্বৰত এছ এফ আই আৰু ডি ৱাই এফ আইৰ ৰাজ্যজোৰা ছাত্ৰ বিক্ষোভ ৷ ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাত "মোৰ সংস্থাপন কলৈ গ’ল " শীৰ্ষক শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

22 ডিচেম্বৰৰ পৰা SFI ৰ ৰাজ্যজুৰি ছাত্ৰ যুৱ বিক্ষোভ

author img

By

Published : Dec 15, 2020, 5:02 PM IST

গুৱাহাটী,15 ডিচেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত খালি হৈ থকা পদ সমূহত শীঘ্ৰে নিযুক্তি দিয়াৰ লগতে আন আন ক্ষেত্ৰ সমূহত নতুন পদৰ সৃষ্টি কৰি ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা সকলক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বন্ধ হৈ থকা উদ্যোগ সমূহ পুনৰুজ্জীৱিত কৰাৰ দাবীৰে ২২ ডিচেম্বৰত এছ এফ আই আৰু ডি ৱাই এফ আইয়ে যৌথ ভাৱে ৰাজ্য জুৰি সাব্যস্ত কৰিব প্ৰতিবাদ ৷

22 ডিচেম্বৰৰ পৰা SFI ৰ ৰাজ্যজুৰি ছাত্ৰ যুৱ বিক্ষোভ

মঙলবাৰে সংগঠনটোৰ হেদায়েৎপুৰৰ মুখ্য কাৰ্যালয়ত সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই ৷ সংগঠনটোৰ নেতৃত্বই দাবী কৰা মতে চৰকাৰ খন নিবনুৱা সকলক সংস্থাপন দিয়াৰ বাবে যিবোৰ আঁচনিৰ কথা ঘোষণা কৰিছিল সেইবোৰ কাৰ্যকৰী কৰক ৷ নিবনুৱা সকলক সংস্থাপন দিব নোৱাৰালৈকে প্ৰতিজন নিবনুৱাক মাহিলী ৬০০০ টকাকৈ ভাট্টা প্ৰদান কৰক ৷ ৰাজনৈতিক পক্ষপাতিত্ব নোহোৱাকৈ প্ৰস্তাৱিত স্বয়ম্ভূ আঁচনি ৰূপায়ণ কৰাৰ লগতে অস্থায়ী সকলো কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰো দাবী তুলে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, মংগলবাৰে ব্যাপক কৰ্মসংস্থাপনৰ দাবীৰে হাতত লোৱা ছাত্ৰ বিদ্ৰোহৰ কথা ঘোষণা কৰাৰ লগতে তেওঁলোকৰ প্ৰস্তাৱিত দাবী সমূহ চৰকাৰে মানি নল’লে আগন্তুক নিৰ্বাচনত ছাত্ৰসমাজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়কঃ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.