গুৱাহাটী, 8 ডিচেম্বৰ: গুৱাহাটী শোধনাগাৰ চৌহদত শোধনাগাৰৰ শ্ৰমিক সংগঠনৰ উত্তাল প্ৰতিবাদ । ন্যায্য প্ৰাপ্তিৰ দাবীত শ্ৰমিক সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ একমাত্ৰ কমিছনৰ অংকত গুৱাহাটী শোধনাগাৰৰ একাংশ বিষয়াই দীৰ্ঘদিন ধৰি শ্ৰমিকক কৰি অহা শোষণ লুণ্ঠনৰ বিৰুদ্ধে গৰজি উঠে জীৱন-জীৱিকাক লৈ সমস্যাৰ সন্মুখীন হোৱা শোধনাগাৰৰ শ্ৰমিকসকলে ।
শ্ৰমিকৰ অধিকাৰৰ হকে সততে মাত মাতি অহা শ্ৰমিক সংগঠন ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰৰ উদ্যোগত বুধবাৰে গুৱাহাটী শোধনাগাৰ চৌহদত ন্যায্য প্ৰাপ্তিৰ দাবী উত্থাপন কৰি পাঁচ শতাধিক শ্ৰমিকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ্ৰমিকসকলে শ্ৰমিকৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰা, শোধানাগাৰত বহিৰাগত শ্ৰমিকৰ বিপৰীতে থলুৱা শ্ৰমিকক নিযুক্তি প্ৰদান কৰা, শোধনাগাৰৰ সকলো শ্ৰমিকৰ PF, ESI, PPF যথাযথ ভাবে প্ৰয়োগ কৰা,উচ্চতম ন্যায়ালযে দিয়া নিৰ্দেশ অনুসৰি সকলো স্তৰৰ শ্ৰমিক,কৰ্মচাৰী,বিষয়াক উপযুক্ত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, কেন্দ্ৰীয় চৰকাৰ আৰু শোধনাগাৰ কৰ্তৃপক্ষই প্ৰতি ছমাহৰ মূৰে মূৰে দিয়া চার্কুলাৰ অনুযায়ী বেতন আৰু সা-সুবিধা প্ৰদান কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ।
শোধানাগাৰ কৰ্তৃপক্ষই শীঘ্ৰেই যদি শ্ৰমিকসকলৰ সমস্যাসমূহ আলাপ আলোচনাৰ মাজেৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত অৱস্থান ধৰ্মঘট,অনশন,সাধাৰণ ধৰ্মঘট আদিৰ দৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে সন্থাৰ নেতৃবৃন্দই । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ইউনিয়নৰ তৰফৰ পৰা তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ গুৱাহাটী শোধনাগাৰৰ কাৰ্যকৰী সঞ্চালকলৈ প্ৰেৰণ কৰা হয় (Guwahati Refinery Workers Union protests) ।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে এ আই চি চি টি ইউৰ ৰাজ্যিক সভাপতি তথা ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ সভাপতি বীৰেন কলিতা, ৱৰ্কমেন ইউনিয়নৰ সাধাৰণ সম্পাদক গিৰিশ কলিতা, ইউনিয়নৰ কার্যকৰী সভাপতি দেৱজিৎ ভাগবতী, উপ সভাপতি প্ৰণৱ দুৱৰা, উপ সাধাৰণ সম্পাদক বিসু সেনকে ধৰি অন্যান্য বিষয়ববীয়া সকল ।
লগতে পঢ়ক: Student assaulted at Dhing college: ছাত্ৰক আক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত ধিং মহাবিদ্যালয়