গুৱাহাটী,17 মাৰ্চঃ অসম মেঘালয় সীমান্তৰ দন্দুৰাই অঞ্চলত থকা আম্প্ৰী নৈৰ ওপৰৰ ডালঙৰ সোমবাৰে শুভাৰম্ভণি কৰে বিশিষ্ট সমাজ সেৱক ডঃ শৈলেন কলিতাই। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আলফা নেতা অনুপ চেতিয়া। উল্লেখ্য যে বছৰ বছৰ ধৰি জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ উক্ত দলং খন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে ক্ষোভিত হৈ গাঁঠিৰ ধনেৰে দলংখন নিৰ্মাণ কৰি এক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দুয়োখন ৰাজ্যৰ সীমামূৰীয়া প্রায় ১৫ খন গাঁৱৰ ৰাইজে এই দলঙখনেৰে যাতায়ত কৰিবলৈ সক্ষম হ'ব। উল্লেখ্য যে পূৰ্বতে মাত্ৰ এডাল কাঠৰ কুণ্ডাৰে বিপদসংকুলভাৱে যাতায়ত কৰিব লগীয়া হৈছিল। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা দিছপুৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোক আজিকোতি চৰকাৰ তথা বিধায়কে মাহী আইৰ দৃষ্টিৰে চাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।
ইফালে সোমবাৰে সোণাপুৰৰ দন্দুৰাই খেল পথাৰত দন্দুৰাই ইউথ ক্লাৱে আয়োজন কৰা দ্বিতীয় ফুটবল টুৰ্ণামেণ্ট 2020ৰ শুভাৰম্ভণি অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকে আলফা নেতা অনুপ চেতিয়া। আলফা নেতাগৰাকী খেলাৰ সামগ্ৰিক উন্নয়নৰ বাবে উদ্যোক্তা সকলে লোৱা পদক্ষেপৰ প্ৰশংসা কৰাৰ লগতে দন্দুৰাই খেলপথাৰখন উন্নত কৰাৰ বাবে চৰকাৰক আহ্বান জনাই অনুষ্ঠানত । উল্লেখ্য যে, 10 টা দলে ভাগ লোৱা এই ফুটবল প্ৰতিযোগিতাখনৰ অন্ত পৰিব 21 মাৰ্চত ৷
লগতে চাওকঃ