গুৱাহাটী 22 অক্টোবৰ: মহানগৰীৰ ৰাজপথত আৰক্ষীৰ অভিযান । ৰাজপথত আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এই অভিযান । মাস্ক পৰিধান নকৰাকৈ দুচকীয়া বাহনত দুগৰাকীকৈ অহা আৰোহীৰ বিৰুদ্ধে বিহিছে জৰিমনা ৷ মহামাৰী কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এইবাৰ দুৰ্গাপূজাত কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে।
সেই অনুসৰি আজিৰে পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষী আৰু প্ৰশাসনে চলাইছে অভিযান । তাৰোপৰি মাস্ক পৰিধান নকৰা লোকসকলৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰিলে প্ৰশাসনে ।
উল্লেখ্য যে, মহানগৰীৰ জালুকবাৰী, ভৰলুমুখ, পানবজাৰ, পল্টনবজাৰ, দিশপুৰকে ধৰি বিভিন্ন অঞ্চলৰ ৰাজপথত আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে এইদৰে চলাই গৈছে অভিযান ।
লগতে পঢ়ক : পূজাৰ বতৰতো চকু সেমেকা টেণ্ট হাউচৰ স্বত্বাধিকাৰীৰ