ETV Bharat / state

মহানগৰীত শুকুৰবাৰ পৰ্যন্ত আইন ভংগকাৰীৰ পৰা সংগ্ৰহ ২৯,৪২,৩০০ টকা জৰিমনা - আৰক্ষীয়ে আইন ভংগকাৰীৰ পৰা সংগ্ৰহ কৰিছে ২৯,৪২,৩০০ টকা জৰিমনা

শুকুৰবাৰ পৰ্যন্ত আৰক্ষীয়ে আইন ভংগকাৰীৰ পৰা সংগ্ৰহ কৰিছে ২৯,৪২,৩০০ টকাৰ জৰিমনা। ১৩৫৯ গৰাকী আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জব্দ কৰিছে ৮৫৩৩ খন বাহন। পঞ্জীয়ণ কৰা হৈছে ৬৬৪ টাকৈ গোচৰ।

আইন ভংগকাৰী
আইন ভংগকাৰী
author img

By

Published : Apr 11, 2020, 11:48 AM IST

গুৱাহাটী, 11 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ যাতে বৃদ্ধি নাপাই ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰে ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশতে তলাবন্ধ ঘোষণা কৰিছিল যদিও বিগত দিনত বহু সংখ্যক লোকে লক ডাউন ভংগ কৰি ৰাজপথলৈ অহা পৰিলক্ষিত হয় । আৰক্ষীৰ বহু চেষ্টাৰ পাছতো ঘৰত আৱদ্ধ কৰিব নোৱাৰা লোকসকলৰ ক্ষেত্ৰত বৰ্তমান কঠোৰ হৈছে প্ৰশাসন ।

২৪ মাৰ্চৰ পৰা পৰা 10 এপ্ৰিল পৰ্যন্ত অসম আৰক্ষীয়ে লক ডাউন ভংগকাৰী সকলৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সংগ্ৰহ কৰিছে ২৯,৪২,৩০০ টকাৰ জৰিমনা। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে ১৩৫৯ গৰাকী আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে ৮৫৩৩ খন বাহন । আৰক্ষীয়ে তলাবন্ধৰ এই সময়ত বৰ্তমানলৈকে ৭৮১৬ খন দুচকীয়া বাহন, ৭৭ খন তিনি চকীয়া বাহন, ৬৩২ খন চাৰি চকীয়া বাহন, ৫ খন ট্ৰাক, ১ খন ট্ৰেইলাৰ, ২ খন ট্ৰেক্টৰ, ১২ খন দেশী নাও আৰু ৫ খন যন্ত্ৰ চালিত নাও জব্দ কৰিছে। আনহাতে তলাবন্ধৰ সময়ত আইন ভংগৰ ৬৬৪ টাকৈ গোচৰ ৰুজু কৰা হৈছে।

আইন ভংগকাৰীৰ পৰা সংগ্ৰহ ২৯,৪২,৩০০ টকা জৰিমনা

উল্লেখ্য যে, তলাবন্ধৰ এই সময়ত বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান লোকে ভুৱা বাতৰি প্ৰচাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে। আৰক্ষী আৰু প্ৰশাসনে ভুৱা বাতৰি প্ৰচাৰৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যত ভুৱা বাতৰি প্ৰচাৰকলৈ ৬০ টাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে এই পৰ্যন্ত ৩৬ জনকৈ লোকক ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ৯ জন লোকে জামিনত মুক্তি লাভ কৰিছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.