ETV Bharat / state

শৰাইঘাট দলঙত মৃতদেহ উদ্ধাৰৰ ঘটনাত তিনি অভিযুক্ত গ্ৰেপ্তাৰ - murder in maligaon

গুৱাহাটীত চাঞ্চল্যৰ হত্যাকাণ্ড । পত্নীয়ে ভাতৃৰ সহযোগত হত্যা কৰিলে স্বামীক । হানি-খুচি হত্যা কৰা হৈছিল ৰে'লৱে কৰ্মচাৰী সন্তোষ প্ৰসাদক । অভিযুক্তই শৰাইঘাট দলঙৰ পৰা মৃতদেহ পেলাব লওতেই আৰক্ষীৰে মুখা-মুখি হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ।

guwahati-murder-case-3-accused-arrested
শৰাইঘাট দলঙত মৃতদেহ উদ্ধাৰৰ ঘটনাত তিনি অভিযুক্ত গ্ৰেপ্তাৰ
author img

By

Published : May 27, 2021, 5:22 PM IST

গুৱাহাটী, ২৭ মে' : ঘৰুৱা কন্দলৰ চৰম পৰিণতি ৰূপে গুৱাহাটীত সংঘটিত হ'ল এটা নৃশংস হত্যাকাণ্ড । সান্ধ্য আইনৰ মাজতে আমিনগাঁৱৰ নতুন শৰাইঘাট দলঙত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো । বুধবাৰে নিশা শৰাইঘাট দলঙৰ ওপৰতে এটা মৃতদেহ পেলাই পলায়ন কৰে এদল দুৰ্বৃত্তই ।

আৰক্ষী সূত্রই জনোৱা মতে, উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ কৰ্মচাৰী সন্তোষ কুমাৰ প্ৰসাদক তেওঁৰেই খুলশালি মোহন গিৰিয়ে অন্য সহযোগীৰ সৈতে হত্যা কৰি বস্তাৰে বান্ধি বাকচত ভৰাই স্কুটিৰে কঢ়িয়াই আনিছিল । লক্ষ্য আছিল হানি-খুচি হত্যা কৰা ভিনিয়েকৰ মৃতদেহটো শৰাইঘাটৰ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত পেলোৱা । কিন্তু মৃতদেহটো পেলাব লওতেই তহলদাৰী আৰক্ষীৰে ভেটাভেটি হোৱাত দলঙৰ ওপৰতে মৃতদেহটো পেলাই দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰিবলৈ চেষ্টা কৰে । কিন্তু জালুকবাৰী আৰক্ষীয়ে খেদি খেদি এজনক কৰায়ত্ত কৰাৰ লগতে স্কুটি এখন জব্দ কৰিবলৈ সক্ষম হয় । AS 01 DX 5822 নম্বৰৰ স্কুটীখনতে মৃতদেহটো কঢ়িয়াই আনিছিল দলটোৱে ।

guwahati-murder-case-3-accused-arrested
শৰাইঘাট দলঙত মৃতদেহ উদ্ধাৰৰ ঘটনাত তিনি অভিযুক্ত গ্ৰেপ্তাৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দলটোত চাৰিজন লোক আছিল । কৰায়ত্ত কৰা মোহন গিৰিক জালুকবাৰী আৰক্ষী থানালৈ আনি জেৰা চলোৱা হয় । জেৰাত প্ৰকাশ পাইছে যে, দলটোৱে ৰে’ল বিভাগৰ কৰ্মচাৰীজনক হত্যা কৰি মৃতদেহটো শৰাইঘাট দলঙৰ ওপৰৰ ব্ৰহ্মপুত্ৰলৈ পেলাই দিয়াৰ কথা আছিল । হত্যাকাৰী দলটোৱে মালিগাঁও ৰে’লৱে কলনিৰ সন্তোষ কুমাৰ প্ৰসাদক ডিঙি ৰেপি, পেটত হানি-খুচি হত্যা কৰিছিল । লোকজনৰ মৃতদেহটোৰ কেবা ঠাইতো আঘাতৰ চিহ্ন আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে । হত্যাকাণ্ডটোত আৰু লোক জড়িত থকাৰ সন্দেহ কৰি তেওঁলোকক কৰায়ত্ত কৰিবলৈ জালুকবাৰী আৰক্ষীয়ে মোহন গিৰিক লগত লৈ মহানগৰীত অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ মাজতে আৰক্ষীয়ে বৃহস্পতিবাৰে আন দুই অভিযুক্ত সুৰজ গিৰি আৰু গীতা গিৰি প্ৰসাদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, এই ঘটনাৰ মাষ্টাৰ মাইণ্ড হৈছে সন্তোষ প্ৰসাদৰ পত্নী গীতা গিৰি প্ৰসাদ । গ্ৰেপ্তাৰ কৰা সুৰজ গিৰি সন্তোষ প্ৰসাদৰ খুলশালি । ইতিমধ্যে গীতা গিৰি প্ৰসাদৰ পিতৃকো সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে ।
উল্লেখ যে, ভাতৃৰ সহযোগত গীতা গিৰি প্ৰসাদে স্বামী সন্তোষ প্ৰসাদক নৃশংসভাৱে হত্যা কৰিছে বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। পাৰিবাৰিক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ডিগবৈত অবৈধ তেল ভাণ্ডাৰ উৎখাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.