ETV Bharat / state

দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সম্পন্ন হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

author img

By

Published : Apr 22, 2022, 10:34 PM IST

শুকুৰবাৰে সম্পন্ন হয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) । দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল ভোটদান পক্ৰিয়া ৷

guwahati-municipal-corporation-2022-elections-are-over
দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সম্পন্ন হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

গুৱাহাটী, 22 এপ্ৰিল : সম্পন্ন হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰায় শান্তিপূৰ্ণভাৱে শুকুৰবাৰে সম্পন্ন হয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। এইবাৰ ভোটদানৰ হাৰ বিশেষ বৃদ্ধি নহ'ল (Voting percentage in GMC election 2022) । কামৰূপ মহানগৰ জিলা জনসংযোগ বিষয়াই জনোৱা মতে ৫২.০৪ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে।

যোৱাবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৪৯ শতাংশ। যোৱাবাৰৰ তুলনাত এইবাৰ ভোটদানৰ হাৰ সামান্য বৃদ্ধি হোৱা দেখা গ'ল । মন কৰিবলগীয়া যে এইবাৰ পূৰ্বতকৈ গুৱাহাটী পৌৰ নিগম এলেকাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছিল। কিন্তু ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ হাৰ বিশেষ বৃদ্ধি নোপোৱাতো বিশেষ তাৎপৰ্য বহন কৰিছে।

মন কৰিবলগীয়া যে, পুৱা ৭.৩০ বজাৰ পৰা গুৱাহাটী পৌৰ নিগমৰ ৫৭ ৱাৰ্ডত ভোটগ্ৰহণ আৰম্ভ হৈছিল। কিন্তু কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি মেছিন বিকল হৈ পৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদান ১ ঘন্টা পৰ্যন্ত বন্ধ হৈ আছিল। আকৌ গুৱাহাটীৰ কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ অনুযায়ী প্ৰয়োজনীয় ইভিএম মেছিন নথকাৰ বাবে সেই ভোটগ্ৰহণ কেন্দ্ৰবোৰত লেহেমীয়া গতিৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।

ভোটাৰ সকলে দীঘলীয়া শাৰীত বহু পৰ ৰৈ থাকিবলগীয়া হয়। স্বাভাৱিকভাবে বিয়লি ৪.৩০ বজাত ভোটগ্ৰহণ অন্ত পৰে যদিও ই ভি এম মেছিনৰ বাবে ভোটদান প্ৰক্ৰিয়া বিলম্ব হোৱাৰ বাবে একাংশ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান নিৰ্ধাৰিত সময়তকৈ কিছু দেৰিলৈকে অব্যাহত থাকে। ইপিনে ভোটদানৰ দিনা জালুকবাৰীৰ ১ নম্বৰ ৱাৰ্ড আৰু ৪৬ নম্বৰ ৱাৰ্ডত বিক্ষিপ্ত ঘটনা সংঘটিত হয় ।

জালুকবাৰীৰ ১ নম্বৰ ৱাৰ্ডত বি জে পিৰ কৰ্মীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীক অপদস্ত কৰাৰ ঘটনা সংঘটিত হৈছে। আনহাতে পৌৰ নিগমৰ ৪৬ নম্বৰ ৱাৰ্ডৰ আপৰ প্ৰাৰ্থী অসীম শৰ্মাৰ পুত্ৰক মোহিত শৰ্মাক বি জে পিৰ কৰ্মীয়ে মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে (Violent incident in GMC election 2022) । ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। আকৌ আপে নিৰ্বাচনৰ আচৰণ নিৰ্বাচন বিধি কৰাৰ অভিযোগ তুলি বি জে পিয়ে আপৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে ।

উল্লেখ্য ভোটদানৰ অন্ত পৰাৰ পিছত সকলো ই ভি এম মেছিনবোৰ মণিৰাম দেৱান ট্টেড চেন্টাৰ ৰ ষ্টং ৰুমলৈ লৈ যোৱা হয়। মণিৰাম দেৱান ট্টেড চেন্টাৰৰ ষ্টং ৰুমত ই ভি এম মেছিনবোৰ তিনিতৰপীয়া নিৰাপত্তাৰ মাজেৰে ৰখাৰ ব্যৱস্থা কৰিছে। অহা ২৪ এপ্ৰিলৰ পুৱা ৮ বজাত ই ভি এম মেছিনবোৰো খোলা হ'ব আৰু সিদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ১৯৭ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব।

লগতে পঢ়ক : গুৱাহাটীবাসীৰ নিৰাপত্তাৰ দিশত এটা প্ৰশ্নবোধক চিহ্ন আহিছে : সমুজ্জল ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.