গুৱাহাটী, 21 চেপ্তেম্বৰ : মহানগৰীত পাণবজাৰত পোহৰলৈ আহিছে এগৰাকী ছাত্ৰী যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা ৷ বহু বছৰ ধৰি আত্মীয়ৰ যৌন নিৰ্যাতনৰ বলি হৈ আহিছিল ছাত্ৰী গৰাকী । পিতৃৰ বিয়োগ আৰু মাতৃৰ দ্বিতীয় বিবাহৰ পিছত জেঠায়েকৰ ঘৰত থাকিবলৈ লৈছিল ছাত্ৰী গৰাকীয়ে । প্ৰাপ্ত তথ্য অনুসৰি প্ৰথমে জেঠায়েকৰ স্বামী আৰু তাৰ পিছত পুত্ৰৰ যৌন নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰী গৰাকী । বহু বছৰ এই নিৰ্যাতন চলাৰ পিছত ছাত্ৰী গৰাকীক লৈ গৈছিল খুৰাকে । কিন্তু পিছত খুৰাকেও ছাত্ৰী গৰাকীৰ ওপৰত যৌন আতিশয্য আৰম্ভ কৰে ।
বহু বছৰ আত্মীয়ৰ পৰাই এই অত্যাচাৰ সহ্য কৰি অহা ছাত্ৰী গৰাকীয়ে অৱশেষত এই কথা জনায় বিদ্যালয়ৰ শিক্ষাগুৰু সকলক । এই ঘটনা পোহৰলৈ অহাৰ পিছত শুকুৰবাৰে পানবজাৰ আৰক্ষী থানাত ভুক্তভোগী ছাত্ৰী গৰাকীৰ হৈ এজাহাৰ দাখিল কৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই । এই গোচৰৰ ভিত্তিত শণিবাৰে পুৱা ভাগত ছাত্ৰী গৰাকীৰ খুড়াক আৰু জেঠায়েকক আটক কৰে পানবজাৰ আৰক্ষীয়ে । বৰ্তমান আৰক্ষীয়ে দুয়োকে জেৰাও অব্যাহত ৰাখিছে বুলি জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷