গুৱাহাটী,22 ছেপ্তেম্বৰঃ ২৪ ছেপ্তেম্বৰৰ পৰা ভক্তৰ বাবে খোলা নহয় মা কামাখ্যা ধামৰ দুৱাৰ । এতিয়াও থিৰাং হোৱা নাই মা কামাখ্যা ধাম মুকলিৰ দিন। এই সন্দৰ্ভত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে কেতবোৰ কথা স্পষ্ট কৰি দিয়ে । সোমবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে মন্দিৰ খোলাৰ ক্ষেত্ৰত কিছু গাইডলাইন প্ৰস্তুত কৰি দিছিল । লগতে আগন্তুক ২৪ ছেপ্তেম্বৰৰ পৰা ভক্তৰ বাবে মন্দিৰ চৌহদ খোলাৰ অনুমতি প্ৰদান কৰিছিল প্ৰশাসনে । অৱশ্যে মন্দিৰ খোলাৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনো সিদ্ধান্ত কৰ্তৃপক্ষই লোৱা নাই বুলি সংবাদমেলত পৰিচালনা সমিতিয়ে উল্লেখ কৰে ।
কিয়নো মন্দিৰত প্ৰথমে ক'ভিডৰ বাবে বিশেষ আন্তঃগাঠনি প্ৰস্তুত কৰিব লাগিব । বুধবাৰৰ পৰা আৰম্ভ হ'ব মন্দিৰৰ আন্তঃগাঠনি নিৰ্মাণৰ কাম । সম্ভৱতঃ আগন্তুক ১০ৰ পৰা ১৫ দিনৰ পাছত মুকলি কৰিব পৰা যাব মন্দিৰ চৌহদৰ দুৱাৰ । কিন্তু মন্দিৰ মুকলি হ'লেও ভক্তই দৰ্শন কৰিব নোৱাৰিব মাৰ মূল মন্দিৰ । কেৱল মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি পৰিক্ৰমা কৰিব পাৰিব ভক্তই । যাৰ ফলত মন্দিৰত দৈনিক ৫০০ ভক্তই প্ৰৱেশ কৰিব পাৰিব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ।
ইপিনে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যেই প্ৰস্তুত কৰি দিয়া গাইডলাইন মানি আন্তঃগাঁঠনি কাম সম্পূৰ্ণ হ'লেই মন্দিৰ খোলাৰ ব্যৱস্থা কৰিব পৰিচালনা সমিতিয়ে । ইফালে কেৱল ক'ভিড-19 পৰীক্ষা কৰি অহা ব্যক্তিয়েহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব । তিনিদিন পূৰ্বৰ ক'ভিড-19 পৰীক্ষাৰ ৰিপৰ্ট লগত অনা ব্যক্তিয়ে প্ৰৱেশৰ সুযোগ পাব । VIP-VVIP প্ৰৱেশৰ ক্ষেত্ৰতো থাকিব একে বাধ্যবাধকতা । ইয়াৰোপৰি প্ৰসাদ বিতৰণ নহ'ব মন্দিৰৰ ভিতৰত । অৱশ্যে মন্দিৰত পূজা, বিয়া আদি অনুষ্ঠান কৰিব পাৰিব । এই সমূহ নিৰ্দেশনা সংবাদমেল যোগে জনালে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে ।
লগতে পঢ়কঃ খাদ্য নিগমৰ চুৰি চাউলসহ এজন আটক