গুৱাহাটী,১৭ মাৰ্চঃ অধিক জনসমাগমৰ ফলত মাৰাত্মক কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ যিহেতু পূৰ্ণ আশংকা থাকে সেয়েহে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ দিছপুৰৰ জনতা ভৱনতো আৰোপ কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা।
সচিবালয় প্ৰশাসন বিভাগে জৰুৰীভাৱে এই নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ দৈনিক এশ গৰাকী দৰ্শনাৰ্থীহে জনতা ভৱনত প্ৰবেশ কৰিব পাৰিব। মন কৰিবলগীয়া যে নিতৌ বিভিন্ন বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰে পৰা আৰম্ভ কৰি বিভিন্ন কাম লৈ উজনিৰ পৰা নামনিলৈকে সকলো প্ৰান্তৰ পৰা সহস্ৰাধিক লোকৰ আগমণ ঘটে জনতা ভৱনলৈ । এতিয়াৰে পৰা এই ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰাত সাধাৰণ জনতা যে আন এক নতুন সমস্যাৰ মুখামুখি হ'ব সেয়া নিশ্চিত ৷
লগতে চাওকঃ