ETV Bharat / state

অতীত হৈ পৰিল এসময়ৰ আভিজাত্যৰ প্ৰতীক ব্ৰহ্মপুত্ৰ অশোকা - assam news

গুৱাহাটীৰ অন্যতম চিনাকি এই হোটেলখন ভাঙি পেলোৱা কাৰ্যত অসন্তুষ্টিও ব্যক্ত কৰিলে একাংশই ৷ এনেদৰেই নষ্টালজিয়া হৈ পৰাৰ দিশত এসময়ৰ আভিজাত্যৰ প্ৰতীক হোটেল ব্ৰহ্মপুত্ৰ অশোকা ৷

হোটেল বহ্মপুত্ৰ অশোকা
author img

By

Published : Jun 2, 2019, 5:34 PM IST

গুৱাহাটী, 2 জুন: অতীত হ'ল গুৱাহাটী মহানগৰীৰ এক পুৰণি পৰিচয় ৷ এতিয়াৰে পৰা স্মৃতিৰ গৰাহত হেৰাই যাব হোটেল বহ্মপুত্ৰ অশোকা ৷ বিত্তীয় সংকটত পৰি বহু দিনৰ পূৰ্বেই বন্ধ হৈ পৰিছিল হোটেলখন ৷ ইয়াৰ পাছতে ৰাজ্য চৰকাৰে হোটেলখন ৰাজ্যিক অতিথিশালা হিচাপে নিৰ্মাণ কৰিবৰ বাবে প্ৰকল্প হাতত লৈছিল ৷ সেই অনুসৰিয়েই এতিয়া হোটেলখন ভাঙি নতুন প্ৰকল্পৰ কাম আৰম্ভ হৈছে ৷ গড়কাপ্তানী বিভাগৰ অধীনত হ'বলগীয়া নিৰ্মাণ কাৰ্যৰ দায়িত্ব লাভ কৰা সংস্থাই ইতিমধ্যে পূৰ্ণগতিত কাম আৰম্ভ কৰিছে ৷

হোটেল বহ্মপুত্ৰ অশোকা

নিৰ্মাণকাৰী সংস্থাই জনোৱা মতে দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব ষ্টেট কনভেনচন চেন্টাৰটো ৷ আনহাতে, গুৱাহাটীৰ অন্যতম চিনাকি এই হোটেলখন ভাঙি পেলোৱা কাৰ্যত অসন্তুষ্টিও ব্যক্ত কৰিলে একাংশই ৷ এনেদৰেই নষ্টালজিয়া হৈ পৰাৰ দিশত এসময়ৰ আভিজাত্যৰ প্ৰতীক হোটেল ব্ৰহ্মপুত্ৰ অশোকা ৷

Hotel brahmaputra
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.