ETV Bharat / state

চাৰি সপ্তাহৰ ভিতৰত ৰাজহুৱা কৰিব লাগিব APSC কেলংকাৰীৰ তদন্ত প্ৰতিবেদন - Justice Biplab Kumar Sharma Commission

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰে (Guwahati High Court issued notice)৷

Guwahati High Court issued notice to public the report of APSC scam

author img

By

Published : Sep 5, 2022, 7:53 PM IST

গুৱাহাটী, 5 ছেপ্টেম্বৰ: অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ নতুন মোৰ (APSC scam) ৷ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিছে (Guwahati High Court issued notice)৷

সোমাবৰে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত এটা গোচৰৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ এই নিৰ্দেশনা জাৰি কৰিছে । গুৱাহাটী উচ্চ ন্যায়ালয়ে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰতিবেদন চাৰি সপ্তাহৰ ভিতৰত ৰাজহুৱা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগলৈ এই নিৰ্দেশ জাৰি কৰিছে ৷

উল্লেখ্য যে, ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়তে 2013 চনত হোৱা APSC ৰ নিযুক্তি কেলংকাৰীৰ তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে ন্যায়াধীশ বিল্পৱ কুমাৰ শৰ্মা আয়োগে গঠন কৰিছিল । ন্যায়াধীশ বিল্পৱ কুমাৰ শৰ্মা আয়োগে যোৱা 2 এপ্ৰিলত APSC ৰ নিযুক্তি কেলংকাৰীৰ তদন্তৰ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ গৃহ বিভাগক অৰ্পণ কৰিছিল । এই তদন্ত আয়োগে ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়তে 2013 চনত হোৱা APSC ৰ নিযুক্তি কেলংকাৰীত 34 গৰাকী ৰাজপত্ৰিত বিষয়াক দোষী সাব্যস্ত কৰিছিল ৷

শেহতীয়াকৈ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ লগত জড়িত অসম লোকসেৱা আয়োগৰ 5 প্ৰাক্তন সদস্যলৈ জাননী জাৰি কৰিছিল (Notice issued to former 5 APSC member)৷ অহা 15 ছেপ্টেম্বৰৰ ভিতৰত এই 5 গৰাকী প্ৰাক্তন সদস্যক জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশনা দিয়ে তদন্ত আয়োগে ৷ এই প্ৰাক্তন সদস্যকেইগৰাকী ক্ৰমে অৰূপ কুমাৰ ৰয়, নাফিফা আহমেদ, ধ্ৰুৱজ্যোতি হাজৰিকা, চামেদুৰ ৰহমান আৰু ৰঞ্জিত বৰঠাকুৰ ৷

উল্লেখ্য যে, যোৱা 18 আগষ্টত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মালৈ জাননী প্ৰেৰণ কৰিছে (Notice issued to former APSC Chief Controller of Examination Bibha Sharma)৷ অনুৰূপভাৱে ন্যায়াধীশ শৰ্মা তদন্ত আয়োগে (Justice Biplab Kumar Sharma Commission ) জাননী প্ৰেৰণ কৰিছে লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য বসন্ত দলেলৈও (Notice issued to Basanta Doley)৷ বসন্ত দলেক ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছিল ৷

তাৎপৰ্যপূৰ্ণ যে, ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়তেই 2014 চনত সেই সময়ৰ আয়োগৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই প্ৰায় 50 হাজাৰ পৰীক্ষাৰ উত্তৰবহী ৰহস্যজনকভাৱে জ্বলাই দিছিল (Nandbabu Sinha mysteriously burnt OMR sheets) ৷ পৰৱৰ্তী কালত অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছিল যে ৰাকেশ পালৰ নিৰ্দেশ অনুসৰিয়েই নন্দবাবু সিনহাই এই কাম কৰিছিল ৷

লগতে পঢ়ক:APSCৰ পাঁচ প্ৰাক্তন সদস্যলৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.